কিছুবছৰ ধৰি ছ’চিয়েল মিডিয়াত চৰ্চা চলি আহিছে যে বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী মধুবালাৰ আত্মজীৱনীমূলক ছবি নিৰ্মাণ কৰা হ’ব। এই চর্চা বাস্তৱ হোৱাৰ পথত ৷ প্ৰয়াত অভিনেত্ৰী মধুবালাৰ আত্মজীৱনীমূলক ছবিৰ প্ৰস্তুতি আৰম্ভ হৈছে। ছবিখনৰ নাম ‘মধুবালা’। শুকুৰবাৰে ছবিখনৰ কথা ঘোষণা কৰে নিৰ্মাতাসকলে।
এই ছবিখনৰ পৰিচালক জেছমীত কে ৰিন। ইয়াৰ পূৰ্বে তেওঁ আলিয়া ভাট অভিনীত ছবি ‘ডাৰ্লিংছ’ পৰিচালনা কৰিছিল। শুকুৰবাৰে এই ছবিখন ঘোষণা কৰি নিৰ্মাতাসকলে ছ’চিয়েল মিডিয়াত লিখিছে, ‘মধুবালাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে আমাৰ পৰৱৰ্তী ছবিখন ঘোষণা কৰি আমি গৌৰৱান্বিত হৈছো। বলীউডৰ বিদূষী অভিনেত্ৰীগৰাকীৰ অকথিত কাহিনী জানিবলৈ সাজু হওক।”
১৯৪২ চনত ‘বসন্ত’ ছবিৰ জৰিয়তে মধুবালাই বলীউডত প্ৰৱেশ কৰে। ১৯৫৮ চনত তেওঁৰ ‘চলটি কা নাম গড়ী’, ‘কালা পানী’ ছবিয়ে মুক্তি লাভ কৰে। অৱশ্যে দুবছৰৰ পিছত মুক্তি পোৱা ‘মোগল এ আজম’ ছবিখনত অনাৰকলীৰ চৰিত্ৰত কৰা অভিনয়ক বহুতে তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ অভিনয় বুলি গণ্য কৰে। মধুবালাৰ বিবাহ হৈছিল কিশোৰ কুমাৰৰ সৈতে। কিন্তু ৩৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
মধুবালাৰ আত্মজীৱনীমূলক ছবিত কোনে মূখ্য ভূমিকাত অভিনয় কৰিব সেই সম্পৰ্কে ইতিমধ্যে নেট ৱৰ্ল্ডত আৰম্ভ হৈছে আলোচনা। অনুৰাগীৰ এটা অংশৰ মতে, আলিয়া ভাট এই চৰিত্ৰৰ বাবে সৰ্বোত্তম পছন্দ হ’ব পাৰে। যদিও নির্মাতাসকলে আনুষ্ঠানিকভাৱে নামটো ঘোষণা কৰা নাই ৷