গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বিশ্ববিখ্যাত পপ তাৰকা মেডোনা। খবৰ অনুসৰি তেওঁ বেক্টেৰিয়াৰ সংক্ৰমণত আক্ৰান্ত। যোৱা শনিবাৰে হঠাতে সংজ্ঞা হেৰুৱাই পেলালে পপ কুইনগৰাকীয়ে। অচেতন অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত তেওঁক ততাতৈয়াকৈ নিউয়ৰ্ক চহৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউলৈ স্থানান্তৰিত কৰিব লগা হ’ল। শেহতীয়াকৈ মেডোনাৰ মেনেজাৰ গাই ওজাৰীয়ে পপ তাৰকাগৰাকীৰ স্বাস্থ্য সম্পৰ্কীয় এই খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। লগতে তেওঁ কয় যে পপ তাৰকাগৰাকীয়ে অসুস্থতাৰ বাবে নিজৰ অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হৈছে ৷
ছ’চিয়েল মিডিয়া পেজত এটা পোষ্টত মেডোনাৰ মেনেজাৰে কয় যে ২৪ জুন শনিবাৰে পপ তাৰকাগৰাকীৰ গুৰুতৰ বেক্টেৰিয়াৰ সংক্ৰমণ হৈছিল। নিউয়ৰ্কৰ এখন চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কণ্ঠশিল্পীগৰাকী বৰ্তমান সুস্থিৰ। তথাপিও ৬০ বছৰীয়া পপ ষ্টাৰগৰাকী সম্পূৰ্ণৰূপে সুস্থ হ’বলৈ কিছু সময় লাগিব। শাৰীৰিক অৱস্থাৰ কথা মনত ৰাখি আগন্তুক ভ্ৰমণো বাতিল কৰিছে মেডোনাৰ দলে। অৱশ্যে গাই ওজাৰীয়ে গায়কজন সুস্থ হোৱাৰ লগে লগে ভ্ৰমণৰ নতুন তাৰিখ আৰু টিকটৰ তথ্য অৱগত কৰাৰ আশ্বাসো দিয়ে।
অহা জুলাইৰ পৰা ‘বিশ্ব ভ্ৰমণ’লৈ যোৱাৰ কথা আছিল মেডোনা। ব্ৰিটেইন- আমেৰিকাৰ কেইবাখনো চহৰৰ মাজেৰে আমষ্টাৰডামত শেষ হোৱাৰ কথা আছিল ‘চেলিব্ৰেচন ট্যুৰ’। পপ তাৰকাগৰাকীয়েও এই ভ্ৰমণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। ছচিয়েল মিডিয়া পেজতো কেইবাখনো ছবি পোষ্ট কৰিছিল ৷ অৱশ্যে সম্পূৰ্ণ সুস্থ নোহোৱালৈকে মঞ্চলৈ ঘূৰি নাহে গায়িকাগৰাকী। বৰ্তমান তেওঁৰ ঠিকনা হস্পিতাল। চিকিৎসকৰ উপৰিও পপ তাৰকাগৰাকীক চোৱাচিতা কৰিবলৈ তেওঁৰ মেনেজাৰ আৰু কন্যা লৰ্ড লিঅ’নেও আছে।