বলীউড উদ্যোগে উচিত পাৰিশ্ৰমিক দিব দিব নোৱাৰাৰ বাবে দক্ষিণৰ ছবি উদ্যোগটোত থাকিব বিচাৰে অভিনেতা মহেশ বাবু। এবছৰৰ আগতে তেলেগু চলচ্চিত্ৰ তাৰকা মহেশ বাবুৱে মুকলিকৈ নিজৰ মনৰ কথা কৈছিল। তেলেগু তাৰকাগৰাকীৰ এই মন্তব্যই উত্তাল কৰি তোলে ছবি উদ্যোগ। এইবাৰ অনলাইন মানি ট্ৰেন্সফাৰ এপ ‘ফোন পে’ত নিজৰ কণ্ঠ ধাৰলৈ দিলে অভিনেতাগৰাকীয়ে। ধনৰ লেনদেন হ’লেই বাজিব মহেশ বাবুৰ কণ্ঠ। মহেশ বাবুৱে এই কণ্ঠ ৰেকৰ্ড কৰিবলৈ ৫ কোটি টকা লৈছিল। তেওঁ মাত্ৰ তিনিটা শব্দহে ক’বৰ বাবে এই ধন মাননি হিচাপে লৈছিল ৷ “থেংক ইউ বছ” ৷ ফোন পে’ ব্যৱহাৰ কৰা সকলে ইতিমধ্যে মহেশ বাবুৰ ধন্যবাদ শুনিছে। এই কামৰ বাবে মহেশ বাবুৱে যি পাৰিতোষিক লৈছিল সেই কথা পোহৰলৈ অহাৰ পাছত বহুতে বুজি উঠিছিল যে মহেশ বাবুৱে কিয় বলীউডৰ পাৰিতোষিকক লৈ ক্ষোভ প্ৰকাশ কৰিছিল।
দক্ষিণৰ উদ্যোগৰ এই তাৰকাগৰাকী দেশৰ শীৰ্ষ উপাৰ্জনকাৰী অভিনেতাৰ ভিতৰত অন্যতম। সূত্ৰ অনুসৰি মহেশ বাবুৱে প্ৰতিখন ছবিৰ পৰা ৫০ কোটিতকৈ অদিক ধন লয় ৷যদিও পাৰিতোষিক ছবিখনৰ বাজেটৰ ওপৰত নিৰ্ভৰ কৰে। মহেশ বাবুৰ সম্পত্তি দিনক দিনে বাঢ়িছে। চিনেমাত অভিনয় কৰাৰ উপৰিও তেওঁ কেইবাটাও সংস্থাৰ সৈতে জড়িত ৷ ফলত অভিনেতাজনে তাৰ পৰাও ধন লাভ কৰে ৷