মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ সম্পৰ্কৰ অন্ত পৰিছে। যদিও এই বিষয়ে তেওঁলোকে এতিয়াও স্পষ্ট কৰা নাই। বিগত ৫ বছৰ ধৰি মালাইকা-অৰ্জুনৰ সম্পৰ্ক আছিল ৷ কিয় তেওঁলোকৰ মাজৰ সম্পৰ্ক ভাঙি গ’ল সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে ব্ৰেকআপৰ খবৰ অস্বীকাৰ কৰে মলাইকাৰ মেনেজাৰে। কিন্তু তেওঁলোকৰ মাজৰ সম্পর্ক যে ভংগ হৈছে সেয়া অৰ্জুন কাপুৰৰ জন্মদিনৰ পাৰ্টিত স্পষ্ট হৈ পৰিল।
মঙলবাৰে মাজনিশা জুহুৰ ঘৰত অৰ্জুন কাপুৰৰ জন্মদিন উদযাপন কৰা হয় । পৰিয়ালৰ সদস্যৰ বাহিৰেও বহু বি-টাউনৰ তাৰকা তাত উপস্থিত আছিল। কিন্তু যিজন ব্যক্তিজন্মদিনত প্ৰতিবাৰেই প্ৰথমে আহিছিল, তেওঁক আজিৰ দিনটোত দেখা পোৱা নগ’ল। অৰ্জুনৰ জন্মদিনৰ পাৰ্টিত মালাইকাৰ অনুপস্থিতিয়ে যেন ব্ৰেকআপৰ খবৰৰ সত্যতা প্ৰমাণ কৰিলে । অৱশ্যে বিগত মাহত ব্ৰেকআপৰ খবৰ বিয়পি পৰাৰ পিছত দুয়ো বন্ধু হৈ থাকিব বুলি জনা গৈছে। কিন্তু জন্মদিনত মলাইকাৰ অনুপস্থিতি দেখি নেটিজেন সকলে তেওঁলোকৰ সম্পর্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷
মালাইকা আৰু অৰ্জুনৰ ঘনিষ্ঠ সূত্ৰই কয় যে তেওঁলোকৰ মাজত প্ৰেম আৰু সন্মানৰ সম্পৰ্ক আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ই স্থায়ী নহ’ল। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ মাজত কোনো ধৰণৰ তিক্ততা গঢ় লৈ উঠিছে। ইজনে সিজনক সদায় সন্মান কৰি ইজনে সিজনৰ কাষত থিয় দি আহিছে। ইজনে সিজনৰ প্ৰতি সন্মান তেওঁলোকৰ বাবে সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে।
জন্মদিনৰ পাৰ্টিত জাহ্নৱী কাপুৰ, ছানায়া কাপুৰ, মোহিত মাৰৱা, সঞ্জয় কাপুৰ, বৰুণ ধাৱন, নতাছা দলাল, আদিত্য ৰায় কাপুৰকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। মন কৰিবলগীয়া যে ২০১৮ চনৰ পৰাই মালাইকা আৰু অৰ্জুনৰ মাজত প্ৰেমৰ সম্পর্ক চলি আহিছে । বয়সৰ পাৰ্থক্যৰ বাবে তেওঁলোকক ট্ৰল কৰা হৈছিল। কিন্তু তেওঁলোকে কেতিয়াও কেৰেপ কৰা নাছিল। বলীউডত ‘পাৱাৰ কাপল’ বুলি জনা গৈছিল তেওঁলোকক।