মায়ানগৰীত চলিছে আন দুই তাৰকাৰ বিয়াৰ প্ৰস্তুতি ২০২৩ চনৰ আৰম্ভণিতে বিবাহ বান্ধোনত আৱদ্ধ হ’ব কিয়াৰা আদৱানি আৰু সিদ্ধার্থ মালহোত্ৰা ৷ সকলো ঠিকে থাকিলে ফেব্ৰুৱাৰী মাহত বিবাহপাশত আবদ্ধ হ’ব সিদ্ধাৰ্থ আৰু কিয়াৰা । ইয়াক লৈ চর্চা চলি থকাৰ সময়তে দম্পতীহালে নতুন বছৰ উদযাপন কৰিবলৈ ডুবাইলৈ উৰা মাৰিছিল। তেওঁলোকৰ লগত আছিল কৰণ জোহৰ, মনীষ মালহোত্ৰা, আৰু ৰাণী মুখোপাধ্যায়। ডুবাইত নতুন বর্ষ পার্টীত ভাগ লোৱাৰ গতে আটায়ে সামাজিক মাধ্যমত ফটো পোষ্ট কৰিছে ৷
প্ৰসংগক্ৰমে নতুন বছৰৰ আৰম্ভণিতে হ’বলগীয়া বিবাহৰ বাবে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে প্ৰস্তুতি প্ৰায় আৰম্ভ কৰিছে ৷ সূত্ৰ অনুসৰি অহা ৬ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহৰ দিন ধার্য কৰা হৈছে ৷ অৱশ্যে সিদ্ধার্থ -কিয়াৰাৰ পৰিয়ালে এই সন্দৰ্ভত এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই ৷ ৰাজস্থানৰ জয়ছালমেৰত এই বিয়া হ’ব বুলি চৰ্চা চলিছে। ৰাজপ্ৰসাদ সদৃশ বিলাসী হোটেল জয়ছালমছ পেলেচত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান। এই বিবাহ অনুষ্ঠানলৈ অতিথিসকলক নিমন্ত্ৰণ কৰা হ’ব। দুয়োয়ে বিবাহৰ বাবে অতিথি তালিকা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি অভ্যর্থনালৈকে সকলো কাম তদাৰক কৰি আছে বুলিও জানিব পৰা গৈছে ৷ দুয়োৰে বিবাহক লৈ ক্ৰমাং উৎসুকতা বৃদ্ধি পাইছে অনুৰাগীৰ মাজত ৷