মাৰ্ভেলৰ অভিনেতা কেনেথ মিচেলৰ দেহৱসান ঘটিছে । ৪৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ দেওবাৰে নিশা পৰিয়ালে এক্স হেণ্ডেলত এক বিবৃতিত নিশ্চিত কৰে। ‘ষ্টাৰ ট্ৰেক: ডিস্কভাৰী’ আৰু মাৰ্ভেলৰ ‘কেপ্তেইন মাৰ্ভেল’ৰ দৰে ফ্ৰেঞ্চাইজিত অভিনয় কৰি কেনেথে জনপ্ৰিয়তা লাভ কৰে।
দীঘলীয়া পাঁচ বছৰ ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী। চিকিৎসা বিজ্ঞানত ইয়াৰ নাম হৈছে এমিঅ’ট্ৰফিক লেটাৰেল স্ক্লেৰ’ছিছ (ALS)। যোৱা কেইবছৰমানৰ পৰা তেওঁৰ স্বাস্থ্যৰ বিষয়ে অনুৰাগীৰ সৈতে ভাগ-বতৰা কৰি আহিছে।যোৱা বছৰৰ আগষ্ট মাহত কেনেথে তেওঁৰ ৰোগ নিৰ্ণয়ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে ইনষ্টাগ্ৰামৰ এটা পোষ্ট শ্বেয়াৰ কৰিছিল।
কেনেথৰ জন্ম হৈছিল কানাডাত। তেওঁ ৫০খনতকৈও অধিক চিনেমা আৰু টেলিভিছন ধাৰাবাহিকত কাম কৰিছে। ২০০৪ চনৰ ক্ৰীড়া ছবি ‘মিৰাকেল’ত অলিম্পিকৰ আকাংক্ষীৰ চৰিত্ৰত অভিনয় কৰি কেনেথ দৰ্শকৰ প্ৰিয় হৈ পৰিছিল। ইয়াৰ পিছত তেওঁক নিয়মিতভাৱে ছবি আৰু ধাৰাবাহিকত দেখা যায়। ২০১৭ চনৰ পৰা ২০২১ চনলৈকে ষ্টাৰ ট্ৰেক: ডিস্কভাৰীত ক্লিংগন কল, কল-ছা, টেনাভিকৰ সৈতে অৰেলিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছিল মিচেলে।২০১৯ চনৰ কেপ্তেইন মাৰ্ভেল ছবিত কেৰল ডেনভাৰ্ছৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।
কেনেথৰ পৰিয়ালৰ এক বিবৃতিত লিখিছে, “যোৱা পাঁচ বছৰ অতি কঠিন হৈ পৰিছিল ৷ কিন্তু প্ৰতিবাৰেই তেওঁ থিয় হৈছিল। তেওঁ হয়তো পৰ্দাত মহাকাশচাৰী আছিল, কেতিয়াবা ছুপাৰহিৰো পিতৃও আছিল। কিন্তু বাস্তৱত তেওঁ জীৱনত বহুত বেছি আছিল। সাগৰৰ পাৰত খোজ কাঢ়ি ভাল পাইছিল, দুচকুৰে পৃথিৱীখন চাব বিচাৰিছিল, বাৰীখন বৰ মৰমৰ আছিল, তেওঁৰ হাঁহিটো অবিশ্বাস্যভাৱে ধুনীয়া আছিল। মানুহক উপহাৰ দি ভাল পাইছিল, লোৱা নাছিল। তেওঁ আছিল এজন ভাল দাদা, এজন ভাল স্বামী আৰু এজন ভাল পিতৃ।“