বহু তৰ্ক-বিতৰ্ক আৰু বিবেচনাৰ অন্তত জনপ্ৰিয় গায়ক মিকা সিঙে অৱশেষত তেওঁৰ পত্নীক বাছনি কৰি উলিয়ালে। জানিবপৰা মতে গায়কগৰাকীয়ে ৰিয়েলিটি শ্ব’ স্বয়ম্বৰঃ মিকা দি ভোহতিত অৱশেষত আকাংক্ষা পুৰীক তেওঁৰ পত্নী হিচাপে বাছনি কৰিলে। গায়কজনে দেওবাৰে অনুষ্ঠানটোৰ এক জাকজমকতাপূৰ্ণ সমাপ্তি খণ্ডৰ পিছত আকাংক্ষাক বাছনি কৰে, যি আজি সম্প্ৰচাৰিত হ’ব ৷
ৰাখী সাৱন্ত আৰু ৰাহুল মহাজনৰ পিছত, মিকা হৈছে স্বয়ম্বৰ/দ্য বেচেলৰ ষ্টাইল শ্ব’ৰ সৈতে তেওঁৰ জীৱন সংগী বাছনি কৰা শেহতীয়া চেলিব্ৰিটি। তেওঁ আগতে কৈছিল যে তেওঁ এগৰাকী পত্নী বিচাৰি উলিওৱা আৰু থিতাপি লোৱাৰ ক্ষেত্ৰত গম্ভীৰ আছিল।
চূড়ান্ত ফলাফলৰ সময়ত মিকাই মঞ্চত আকাংক্ষাক বিয়া কৰাই আৰু তেওঁৰ পচন্দ বুজাবলৈ তেওঁক বিবাহৰ মালা পিন্ধায়। অৱশ্যে মিকাই কৈছে যে তেওঁলোক বিবাহ পাশত আবদ্ধ হোৱাৰ আগতে কেমেৰাৰ পৰা আঁতৰি আকাংক্ষাৰ সৈতে তেওঁ কিছু মূল্যবান সময় অতিবাহিত কৰিবলৈ বিচাৰে। মিকাই আকাংক্ষাৰ পৰিয়ালকো লগ পাইছিল আৰু তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছিল যিহেতু তেওঁ আকাংক্ষাৰ সৈতে এক নতুন যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ঘোষণাটোৰ পিছতেই, আকাংক্ষাই ইনষ্টাগ্ৰামত তেওঁৰ জেতুকা বোলোৱা হাতৰ ফট’ শ্বেয়াৰ কৰিছিল।
স্বয়ম্বৰত আকাংক্ষাৰ সহ-প্ৰতিযোগী আছিল প্ৰান্তিকা দাস আৰু নীত মহল । আকাংক্ষা বহু বছৰ ধৰি মিকাৰ বন্ধু আছিল কিন্তু প্ৰতিযোগিতাত তেওঁ ৱাইল্ড কাৰ্ড হিচাপে পলমকৈ প্ৰৱেশ কৰিছিল।
মাৰ্চত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মিকাই কৈছিল যে আগতে তেওঁ বিবাহৰ বাবে সাজু নাছিল। কিন্তু ডাঙৰ ভাতৃ, গায়ক দালেৰ মেহেন্দিৰ পৰামৰ্শ মতে মিকাই অনুভৱ কৰিছিল যে এতিয়া থিতাপি লোৱাৰ সময়।
অনুষ্ঠানটো পৰিচালনা কৰা ভাৰতৰ আন এগৰাকী জনপ্ৰিয় শিল্পী চানে এক সাক্ষাৎকাৰত কৈছিল যে মিকাই সঁচাকৈয়ে এগৰাকী পত্নী বিচাৰি পোৱা বিষয়টো অতি গুৰুত্বপূৰ্ণ। মই এই ক্ষেত্ৰত নিশ্চিত নহয় যে আগৰ চেলিব্ৰিটিসকল কিমান সচেতন আছিল বা তেওঁলোকে কেৱল জনপ্ৰিয়তা অৰ্জনৰ বাবেই অনুষ্ঠানতো কৰিছিল। কিন্তু জীৱনৰ এই মুহূৰ্তত, জনপ্ৰিয়তাৰ বাবে মিকাক এনেকুৱা কিবা এটাৰ নিশ্চয় প্ৰয়োজন নাই। যেতিয়াই আমি লগ পাওঁ, আনকি আমি শেহতীয়াকৈ লগ পোৱাৰ সময়তো, তেওঁ এইবাৰ থিতাপি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। মই জানো এইবাৰ তেওঁ দৃঢ় ।