শ্বাহৰুখ খানৰ ‘পাঠান’ৰ পিছত ৰাণী মুখাৰ্জীয়ে বক্স অফিচত আন এক অভিলেখ ৰচনা কৰিছে ৷ নৰৱেত বাণিজ্যিকভাৱে সফলতা লাভ কৰিছে ৰাণীৰ ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’। এই ছবিখনে সপ্তাহৰ শেষৰ ফালে বক্স অফিচ সংগ্ৰহত বলীউডৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল। ৭৪৫ হাজাৰ নৰৱেৰ মুদ্ৰা (ক্ৰ’না) সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতীয় মুদ্ৰাত সেয়া প্ৰায় ৮৯ লাখ টকা। ৰাণী অভিনীত এই ছবিখনে শেহতীয়া সময়ত আটাইতকৈ জনপ্ৰিয় ছবি ‘পাঠান’ক অতিক্ৰম কৰিছে। পাঁচ দিনত দেশৰ বাহিৰত থকা ‘পাঠান’ৰ অকুপেন্সী আছিল ৪.১ হাজাৰ।লগতে তিনিদিনত ৰাণীৰ ছবিখনৰ অকুপেন্সী হৈছে ৪.৮ হাজাৰ ।
এগৰাকী প্ৰবাসী মাতৃয়ে সন্তানৰ অধিকাৰৰ বাবে কৰা সংগ্ৰামৰ কাহিনী ছবিখনৰ মুল আধাৰ । ছবিখনৰ আৱেগে দৰ্শকক চুই গৈছে।ছবিখনৰ সফলতাক অভিনন্দন জনাইছে প্ৰডাকচন কোম্পানীয়ে। প্ৰযোজক নিখিল আদৱানীয়ে কয়, ‘এগৰাকী সাহসী যোদ্ধা মাতৃৰ কাহিনীয়ে ইমানবোৰ মানুহক চুই যোৱা দেখি বৰ ভাল লাগিছে। আমি আৰু এনেকুৱা ছবি নিৰ্মাণ কৰিম যিয়ে দৰ্শকক জীৱন্ত কৰি তুলিব।”
জি ষ্টুডিঅ’ৰ মুৰব্বী শৰিক পেটেলে লিখিছে, ‘দৰ্শকৰ হৃদয় স্পৰ্শ কৰাটো ভাগ্যৰ কথা। বহিঃৰাজ্যৰ দৰ্শকৰ পৰাও সঁহাৰি পাই আমি আপ্লুত হৈছো।”
‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ সেই অৰ্থত ভাৰতীয় ছবিৰ বাবে এক জয়। নৰৱেৰ দৰ্শকৰ পৰা অপৰিসীম মৰম লাভ কৰি আসীমা ছিব্বৰৰ পৰিচালিত ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ইও বলীউডৰ ছবি হিচাপে এক নতুন মাপকাঠী গঢ়ি তুলিছে। ১৭ মাৰ্চত মুক্তি লাভ কৰিছিল ছবিখন।