শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শক্তিমান খ্যাত জনপ্ৰিয় অভিনেতা মুকেশ খান্নাৰ এটা ভিডিঅ’ ৷ ভিডিঅ’টো আপলোড কৰি দৰ্শকসকলক পৰামৰ্শ আগবঢ়ালে অভিনেতাজনে ৷ বৰ্তমান সময়ত সামাজিক মাধ্যম যোগে অশ্লীল ভিডিঅ’ আপলোড কৰি পুৰুষ সকলক যৌন আবেদন কৰা এক শ্ৰেণীৰ নাৰীক আঙুলিয়াই দি ভিডিঅ’টোৰ যোগেদি তেওঁ ক’লে যে যদি এজনী ছোৱালীয়ে এজন ল’ৰাক উপযাচি যৌন সম্পৰ্কৰ বাবে আহ্বান জনাই তেন্তে তেওঁ প্ৰকৃতাৰ্থত নাৰী নহয় তেওঁ নিজৰ শৰীৰক লৈ ব্যৱসায় হে কৰি আছে ৷
‘এনে ছোৱালীবোৰে আপোনাকো প্ৰলোভিত কৰে নেকি?’ শীৰ্ষকেৰে মুকেশে অলপতে তেওঁৰ ইউটিউব চেনেল ভীশম ইণ্টাৰনেচনেলত এটা ভিডিঅ’ আপলোড কৰিছে । ভিডিঅ’টোৰ যোগেদি অভিনেতাজনে ছ’চিয়েল মিডিয়া পোষ্টত এজন ব্যৱহাৰকাৰীয়ে তেওঁৰ সৈতে কথা পাতিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ কথা ব্যক্ত কৰে ৷ যৌন সম্পৰ্ক কৰিবলৈ আমন্ত্ৰণ জনাই নিৰ্বোধ পুৰুষসকলক প্ৰলোভিত কৰা এই নাৰী সকলক আঙুলিয়াই তেওঁ কয় যে এনে ধৰণৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ দ্বাৰা কোনো পুৰুষ প্ৰলোভিত হ’ব নালাগে ৷ কাৰণ এনেধৰণৰ ছ’চিয়েল মিডিয়া একাউণ্ট সমূহে তেওঁলোকক এনে কাম কৰিবলৈ প্ৰেৰিত কৰিব পাৰে যাৰ ফলত তেওঁলোক ভৱিষ্যতে ব্লেকমেইলিঙৰো বলী হ’ব পাৰে।তেওঁ লগতে কয় যে সভ্য সমাজৰ এগৰাকী সভ্য ছোৱালীয়ে কেতিয়াও এনে কথা নকয় ৷
মুকেশে কৈছিল যে আনকি তেৱোঁ হোৱাটছএপত এনেধৰণৰ বাৰ্তা লাভ কৰে ৷ তেওঁৰ মতে যদি এনে ছোৱালী প্ৰকৃততে থাকে তেন্তে সমাজ নিশ্চিতভাৱে পতনৰ দিশে গৈছে।
যিহেতু তেওঁৰ ভিডিঅ’ৰ এটা ক্লিপ এটা জনপ্ৰিয় ইনষ্টাগ্ৰাম পৃষ্ঠাত শ্বেয়াৰ কৰা হৈছে য’ত মানুহে মন্তব্য শাখাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।বহুতে তেওঁৰ এই ভিডিঅ’ত বিৰূপ মন্তব্য কৰিছে ৷ এজন দৰ্শকে মন্তব্য শাখাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, “যেতিয়া শক্তি আৰু মান (সন্মান) দুইটাই আপোনাক এৰি যায়।” আন এজনে কয়, “ঠিক আছে বুমাৰ।”
আনহাতে আন এজনে কয়, “আশ্চৰ্যজনক যুক্তি। মই বুজি পাইছো যে কোনো তেওঁক কোনো ছোৱালীয়ে এনে ধৰণৰ কথা কোৱা নাছিল ৷ সেয়েহে জীৱনটোৰ বাবে তেওঁ এই ভ্ৰান্তিত থকাটোৱেই উত্তম।”
এজন দৰ্শকে মন্তব্য শাখাত শক্তিমান ‘আন্ধেৰা কায়ম ৰহে’ বুলি শক্তিমান ধাৰাবাহিকখনৰ এটা জনপ্ৰিয় শাৰীৰে তেওঁৰ ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
View this post on Instagram