বিশ্ব সংবাদ কেন্দ্র, অসমৰ অধীনস্থ সংস্থা চলচ্চিত্রম ৰ উদ্যোগত প্ৰতিবছৰে নেচনেল ফিল্ম ফেষ্টিভেল উদযাপিত হৈ আহিছে। ২০২২ বৰ্ষৰ নেচনেল ফিল্ম ফেষ্টিভেল আজি দুপৰীয়া এঘাৰ বজাত জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হ’ল চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন ৷ যশস্বী পৰিচালক আদিত্য পটৱৰ্ধনৰ আৰু অভিনেত্ৰী কংকনা চক্ৰৱৰ্তীয়ে এই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰে ।
তাৰ পাছতেই ছবি প্ৰদৰ্শন আৰম্ভ হয় ৷উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সভাপতি জিতুল সোনোৱাল, ভূপেন কামান , বনলতা বৈশ্য, নম্ৰতা দত্ত আদিয়ে ৷ দুপৰীয়া আন এক অনুষ্ঠানত ড° দীপশিখা ভাগৱতী ৰচিত ইংৰাজী গ্ৰন্থ ‘ লিটাৰেচাৰ এণ্ড ফিল্ম ফ্ৰম মিউট বু মোচন ‘ উন্মোচন কৰা হয় ৷উন্মোচন কৰে পৰিচালক আদিত্য পটৱৰ্ধনৰ আৰু অভিনেত্ৰী কংকনা চক্ৰৱৰ্তীয়ে ৷ পৱিত্ৰ ডেকাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয় তেওঁৰ জীৱন ভিত্তিক চুটি ছবি ‘ বাই লেন টু’ ৷
আবেলি প্ৰদৰ্শন কৰা হয় ৰঞ্জন ঘোষৰ বাংলা ছবি ‘ মহিষাসুৰমৰ্দিনী’ ৷প্ৰদৰ্শনৰ আৰম্ভণিতে শুভেচ্ছা প্ৰদান কৰে প্ৰবীন চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাই ৷ পৰিচালক শ্ৰী ঘোষে অপূৰ্ব শৰ্মাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ আনহাতে, কাইলৈ অৰ্থাৎ ৬ জানুৱাৰীৰ দিনা পুৱা এঘাৰ বজাৰ পৰা ছবি প্ৰদৰ্শন আৰম্ভ হব বুলি চলচ্চিত্রমৰ সভাপতি উৎপল দত্ত আৰু সম্পাদক ভগবৎ প্ৰীতমে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে ৷ আবেলি প্ৰদৰ্শন কৰা হব ‘ এ নোমাও ৰিভাৰ’ ৷ উল্লেখ্য, এই ছবিত অংশগ্ৰহণ কৰি সদগুৰুই বাৰ্নাৰৰ শিৰোনামা দখল কৰিছিল ৷ছবিখনৰ এয়া হব ইণ্ডিয়া প্ৰিমিয়াৰ ৷
এই ছবি প্ৰদৰ্শনৰ পাচতেই অনুষ্ঠিত হব বঁটা বিতৰণী অনুষ্ঠান ৷কানাড়া ছবিৰ অভিনেতা সুনীল পুৰানিকে এই সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলিও চলচ্চিত্রমৰ সভাপতি আৰু সম্পাদকে প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে৷