VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নতুন অসমীয়া ছবি “সুন্দৰপুৰ কেঅছ”ৰ গীত-গীতৰ দৃশ্যাংশ মুকলি

ছেপ্তেম্বৰত শুভমুক্তি পাব  আৰ চি প্ৰডাকচনৰ প্ৰযোজনা আৰু ঝুলন মহন্তৰ পৰিচালনাত নির্মিত নতুন ছবিখনে 

voicedesk by voicedesk
July 29, 2024
in মনোৰঞ্জন
নতুন অসমীয়া ছবি “সুন্দৰপুৰ কেঅছ”ৰ গীত-গীতৰ দৃশ্যাংশ মুকলি
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

আৰ চি প্ৰডাকচন প্ৰযোজনাত আৰু ঝুলন মহন্তৰ পৰিচালনাত নির্মাণ হোৱা নতুন অসমীয়া ছবি “সুন্দৰপুৰ কেঅছ”ৰ গীত আৰু গীতৰ দৃশ্যাংশ  মুকলি কৰা হয় ৷ মহানগৰীৰ পাঞ্জাবাৰীত স্থিত আইদেউ ছবিগৃহত আয়োজিত এক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ কথা আৰু কণ্ঠৰ “কিয় জানো আজি”,মঞ্জুলা হাজৰিকাৰ কথাৰে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছানৰ কণ্ঠত”অচিনাকী এই চহৰ” শীর্ষক গীত আৰু দৃশ্যাংশ মুকলি কৰা হয় ৷ গায়ত্ৰী হাজৰিকাৰ কথা আৰু কণ্ঠৰ “কিয় জানো আজি” গীতটি মুকলি কৰে বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজীৰ, জে পি দাস, সমৰ হাজৰিকা আৰু গীতিকাৰ তথা জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই। ইপিনে  ছানৰ কণ্ঠত”অচিনাকী এই চহৰ” শীর্ষক গীতটি বিশিষ্ট কণ্ঠশিল্পী পুলক বেনার্জী, বিশিষ্ট অভিনেত্রী চেতনা দাস, ডঃ জয়ন্ত দাসে মুকলি কৰে । একেটা অনুষ্ঠানতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীর্ত্তণ (পাষণ্ড মর্দ্দণ)ক মুখ্য কৰি ছবিখনৰ কাহিনীৰ সৈতে ৰিজনি খোৱাকৈ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্ত(পাপন)ৰ কণ্ঠত বাণীৱদ্ধ কৰা ঘোষাটিৰো মুক্তি দিয়া হয় ৷ এই ঘোষাটিৰ দৃশ্য-শ্ৰৱ্য মুকলি কৰে বিশিষ্ট শিল্পী পুলক বেনার্জী, বিশিষ্ট চিকিৎসক হিতেশ বৰুৱা আৰু অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে ৷ ছবিখনৰ গীত আৰু গীতৰ দৃশ্যাংশ  মুকলি অনুষ্ঠানত উপস্থিত থাকি সৌস্তভ বৰ্ধন কৰে দক্ষিনপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱ গোস্বামীয়ে ।

 

উল্লেখ্য যে এই ছবিখনৰ দৃশ্য গ্ৰহন  অসমৰ লগতে অৰুনাচলৰ বিভিন্ন স্থানত সম্পন্ন কৰা হৈছে ৷ অহা  ছেপ্তেম্বৰ মাহত বোলছবি খন ছবিগৃহত মুক্তি দিয়া হ’ব ৷ ‘সুন্দৰপুৰ কেঅছ’ ঝুলনকৃষ্ণ মহন্তৰ কাহিনী,চিত্রনাট্য পৰিচালনা আৰু সম্পাদনাৰ দ্বিতীয়খন পূৰ্ণ দৈৰ্ঘৰ কথাছবি। মহাপুৰুষ শ্রী মন্ত শংকৰদেৱে গঢ়িব খোজা এখন সুন্দৰ অসমৰ প্ৰতিচ্ছবিৰে ছবিখনৰ কাহিনী সজোৱা হৈছে ৷  ছবিখনৰ সংগীত পৰিচালনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্র বঁটাৰে সন্মানীত হোৱা সৌৰভ মহন্তই ৷

 

তিনিওটি গীতৰ সংমিশ্ৰণৰ দায়িত্বত আছে ক্রমে মুম্বাইস্থিত ত্রিহংকু লহকৰ আৰু ভাস্কৰ শৰ্মা। ৰাষ্ট্ৰীয় বঁটা প্রাপক শব্দযন্ত্রী দেৱজিৎ গায়ন, অসমৰ এজন বিশিষ্ট চিত্রগ্রহণকাৰী চন্দ্ৰ কুমাৰ দাসে চিত্রগ্রহণ কৰা ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ, ৰাজীৱ গোস্বামী, জলি  লস্কৰ, গাৰ্গী দত্ত, বণী দেউৰীকে ধৰি বহুকেইগৰাকী শিল্পীয়ে ৷ ছবিখনতবিশেষ ভূমিকাত দেখা যাব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ স্নাতক দুই নৱাগত পার্থ প্রতিম হাজৰিকা আৰু শিল্পী দত্তক।

 

অনুষ্ঠানত অসমৰ সংবাদ মাধ্যমৰ উপৰিও সাহিত্য-সংগীত ছবি জগতৰ কেইবা গৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট চলচ্চিত্ৰ সাংবাদিক-আলোচক, প্ৰযোজক, পৰিচালক আৰু অভিনেতা নয়ন প্ৰসাদে ।

Previous Post

পকেট খালী হ’লেও ক্ৰয় কৰিব পাৰে ইলিশ মাছ, ৫টা বেমাৰৰ ঔষধৰ খৰচো ৰাহি কৰিব পাৰে এই মাছবিধে ?

Next Post

ৰাজভৱনত শপত ল’লে তিনি বিশ্ববিদ্যালয়ৰ উপাচার্যই

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ৰাজভৱনত শপত ল’লে তিনি বিশ্ববিদ্যালয়ৰ উপাচার্যই

ৰাজভৱনত শপত ল’লে তিনি বিশ্ববিদ্যালয়ৰ উপাচার্যই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7