চলচ্চিত্ৰ জগতৰ সর্বশ্ৰেষ্ঠ বটাঁ অস্কাৰৰ শ্ৰেষ্ঠ তথ্যচিত্ৰ শিতানলৈ মনোনয়ন লাভ কৰিছে ভাৰতৰ এখন তথ্যচিত্ৰই ৷ “ৰাইটিং উইথ ফায়াৰ” নামৰ ছবিখনে এই শিতানত চলিত বর্ষৰ অস্কাৰলৈ মনোনয়ন লাভ কৰিছে ৷ সুস্মিত ঘোষ আৰু ৰিন্তু থমাছৰ “ৰাইটিং উইথ ফায়াৰ” হৈছে অস্কাৰৰ শ্ৰেষ্ঠ তথ্যচিত্ৰ শিতানত মনোনয়ন লাভ কৰা প্ৰথমখন ভাৰতীয় ছবি ৷এগৰাকী দলিত মহিলা সাংবাদিকৰ দ্বাৰা পৰিচালিত বাতৰি কাকত ‘খবৰ লাহাৰিয়া’ৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নির্মাণ কৰা হৈছে “ৰাইটিং উইথ ফায়াৰ” । “ৰাইটিং উইথ ফায়াৰ” নিৰ্মাতা যুটি সুস্মিত ঘোষ আৰু ৰিণ্টু থমাছৰ দ্বাৰা পৰিচালিত, প্ৰযোজিত আৰু সম্পাদিত ৷ইয়াৰ পুর্বে চলচ্চিত্ৰ মহোৎসৱত “ৰাইটিং উইথ ফায়াৰ” নামৰ এই তথ্যচিত্ৰখনে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি তথ্যচিত্ৰখনে কেইবাটাও পুৰস্কাৰ লাভ কৰিছে ৷বিশেষ জুৰী বঁটা আৰু চানডেন্স চলচ্চিত্ৰ মহোৎসৱত দৰ্শকৰ বিশেষ সন্মানেৰে সন্মানিত হৈছে “ৰাইটিং উইথ ফায়াৰ”৷ অস্কাৰৰ যোগ্য চলচ্চিত্ৰৰ দীঘলীয়া তালিকাত দুখন ভাৰতীয় পুর্ণ দৈর্ঘ্যৰ ছবিৰ নাম অন্তৰ্ভুক্ত হৈছে ৷ সূর্যৰ ‘জয় ভীম’ আৰু মোহনলালৰ ‘মাৰাক্কাৰ: আৰবিকাদালিণ্টে ছিমহামে’ এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । এই বছৰৰ অস্কাৰত সর্বাধিক মনোনয়ন লাভ কৰিছে চলচ্চিত্ৰ নিৰ্মাতা জেন কেম্পিয়নৰ ‘দ্য পাৱাৰ অফ দ্য ডগে’ ৷এই ছবিখনে মুঠ ১২ টা শিতানত মনোনয়ন লাভ কৰিছে ৷ । শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক , শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহঅভিনেত্ৰী, শ্ৰেষ্ঠ সহঅভিনেতা আদি শিতানত ছবিখনে লাভ কৰিছে মনোনয়ন ৷