হিনা খান তৃতীয় পৰ্যায়ৰ স্তন কেন্সাৰত আক্ৰান্ত। মুম্বাইৰ কোকিলাবেন হাস্পতালত চিকিৎসাধীন হৈ আছে তেওঁ । ইতিমধ্যে প্ৰথম কেমো তেওঁ গ্ৰহণ কৰিছে । কেমো থেৰাপী লোৱাৰ পাছৰ ফটো তেওঁ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। অৱশ্যে প্ৰথম কেমো গ্ৰহণ কৰিয়েই অভিনেত্ৰীগৰাকী কামলৈ ঘূৰি আহে। সেই ছবিখনো তেওঁ কিছুদিন পূৰ্বে শ্বেয়াৰ কৰিছিল। মঙলবাৰে হিনাক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ তাৰ পৰাই অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যন্ত্ৰণাৰ কথা ৷
তেওঁ এই মাৰাত্মক ৰোগৰ সৈতে যুঁজ দিয়াৰ প্ৰায় প্ৰতিটো মুহূৰ্ত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ এই যুঁজখনৰ সৈতে যুঁজিবলৈ প্ৰতি মুহুর্ততে উৎসাহ যোগাই আহিছে । কেমোথেৰাপিৰ পিছত এখন ছবি শ্বেয়াৰ কৰি হিনাই নিজৰ পোষ্টত লিখিছে, ‘মোৰ ছবিখনত আপুনি কি দেখিছে? শৰীৰৰ বেদনা নে মোৰ আশা ভৰা দুচুকু ? এই বেদনা মোৰ। মই যে সুস্থ হোৱাৰ দিশে আগবাঢ়িছো সেই কথা কৈছে এই বেদনাই । সেয়েহে এই বেদনা মই সাদৰেৰে গ্ৰহণ কৰিছো ।”
কিন্তু এইবাৰ হস্পিতালৰ পৰাই হিনাই প্ৰকাশ কৰিছে যে প্ৰতিটো মুহূৰ্ততে বিষ সহ্য কৰিব লাগিব। হিনাৰ ভাষাত “বহুত কষ্ট সহ্য কৰিব লগা হৈছে ৷ প্ৰতিটো চেকেণ্ডেই যন্ত্ৰণাত ভুগিছো। কিন্তু মই কওঁ, মই ভালেই আছো।” এয়াই প্ৰথম নহয়। আৰম্ভণিৰে পৰা হিনাই এই যুঁজৰ বাবে সাজু বুলি কৈ আহিছে। যিমানেই কঠিন নহওক কিয়, হাঁহিৰে যুঁজিব বুলিও তেওঁ কয় ।যোৱা ২৮ জুনত হিনাই প্ৰকাশ কৰিছিল যে তেওঁৰ কৰ্কট ৰোগ ধৰা পৰিছে। এই যুঁজখনত হিনাই যিদৰে র্ধৈর্য্য ধৰি আহিছে সেয়া তেওঁৰ অনুৰাগীৰ বাবে প্ৰেৰণাদায়ক।