এজন সকলো সময়তে কেমেৰাৰ সন্মুখত থাকে, আনজন থাকে ৰাজনীতিবিদ হিচাপে জনতাৰমাজত। কর্মক্ষেত্ৰ বেলেগ বেলেগ হ’লেও প্ৰজাপতিৰ ইচ্ছা থাকিলে সকলো সম্ভৱ ৷ আৰু সেয়াই হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাজনীতিবিদ ৰাঘৱ চাড্ডাৰ সৈতে । ১৩ মে’ত পৰিনীতি-ৰাঘৱৰ মাজত সম্পন্ন হ’ল বাগদান অনুষ্ঠান ৷ দিল্লীৰ কাপুৰথালা হাউচত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত তেওঁলোকৰ বাগদান অনুষ্ঠিতত হয় ৷ ইমান দিনে দুয়োৰে মাজত প্ৰেমৰ জল্পনা-কল্পনা চলি আছিল। ইমান দিনে চলি অহা চর্চাক তেওঁলোকে ছীল মোহৰ মাৰিলে । তেওঁলোকৰ আঙঠি পিন্ধোৱা অনুষ্ঠানত মনোৰঞ্জন আৰু ৰাজনীতিৰ জগতৰ বিখ্যাত ব্যক্তিসকলে অংশগ্ৰহণ কৰে। কিন্তু ৰাঘৱ-পৰিনীতিৰ প্ৰেম কাহিনী কেনেকৈ আৰম্ভ হৈছিল জানেনে?
আপ নেতা ৰাঘৱে ইংলেণ্ডৰ লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰিছিল। আনহাতে পৰিনীতি ইংলেণ্ডৰ মানচেষ্টাৰ বিজনেছ স্কুলৰ প্ৰাক্তন ছাত্ৰী। পৰিনীতিয়ে তাতেই তিনিটা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। অভিনেত্ৰীগৰাকীয়ে অৰ্থনীতি, ব্যৱসায় আৰু বিত্ত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। দুয়োজনে লণ্ডনত পঢ়ি থকাৰ সময়ত লগ পাইছিল। তাৰ পৰাই আৰম্ভ হ’ল বন্ধুত্ব। ২০১১ চনত যশ ৰাজ ফিল্মছত মাৰ্কেটিঙত কাম কৰি থকাৰ সময়তে পৰিনীতিয়ে ছবিত আত্মপ্ৰকাশ কৰিছিল। যোৱা বছৰ তেওঁলোকে ঘনিষ্ঠ বন্ধুৰ জৰিয়তে ‘চমকিলা’ৰ চেটত লগ হৈছিল। তাৰ পৰাই আৰম্ভ হয় প্ৰেমৰ পৰ্যায়। ছবিখনৰ শ্বুটিঙৰ বাবে পঞ্জাৱত আছিল অভিনেত্ৰীগৰাকী। আনহাতে ৰাঘৱে নিৰ্বাচনী প্ৰচাৰৰ বাবে পঞ্জাৱলৈ অহা যোৱা কৰি থাকিল। এনেদৰেই পুনৰ তেওঁলোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু আঙঠি পিন্ধোৱা অনুষ্ঠান সম্পন্ন হয় ৷