শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়ছোৱাতে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখৰ অনুৰাগীসকলে। অৱশ্যে এইবাৰ তেওঁলোকৰ এই অপেক্ষাৰ অন্ত পেলাই এটি ভাল খবৰ লৈ আহিছে ‘পাঠান’এ ৷ ভাৰতীয় চিনেমাৰ ইতিহাসত আইচিই ফৰ্মেটত মুক্তি পোৱা প্ৰথমখন ভাৰতীয় ছবি হ’ব ‘পাঠান’।
আই.চি.ই. ফৰ্মেট কি?
আই.চি.ই. মানে হৈছে ইমাৰ্চিভ চিনেমা এক্সপিৰিয়েন্স। এই ফৰ্মেটত চিনেমা হলত মূল পৰ্দাৰ লগতে চাইড পেনেল থাকে। ইয়াৰ উপৰিও ই পেৰিফেৰেল সংস্কৰণো প্ৰস্তুত কৰে, যিয়ে ৰঙত বৰ্ধিত পটভূমিৰ কনট্ৰাষ্ট আৰু গতিৰ সৈতে চিনেমা চোৱাৰ অভিজ্ঞতা প্ৰদান কৰে। যশ ৰাজ ফিল্মছৰ বিতৰক উপ-সভাপতি ৰোহন মালহোত্ৰাই সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথোপকথনত ‘পাঠানে’ আই.চি.ই. ফৰ্মেট যোগে মুক্তি লাভ কৰিব বুলি অৱগত কৰে। তেওঁ কয় যে এই ফৰ্মেটেৰে চিনেমাগৃহত প্ৰৱেশ কৰা প্ৰথমখন ভাৰতীয় ছবি হ’ব ‘পাঠান’।তেওঁ কয় যে আই.চি.ই ফৰ্মেট দুটা পিভিআৰ চিনেমা ছাইটৰ পৰা আৰম্ভ হৈছিল দিল্লী-এন.চি.আৰত । তেওঁৰ মতে, হলিউডৰ ছবি ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’ বৰ্তমান এই ফৰ্মেটেৰে প্ৰদৰ্শন কৰা হৈছে। এই ফৰ্মেটটোৰ প্ৰতি সমগ্ৰ বিশ্বতে দৰ্শকৰ মাজত যথেষ্ট উন্মাদনা দেখা গৈছে। আনহাতে ৰোহন মালহোত্ৰাই গৌৰৱ অনুভৱ কৰি কয় যে নতুন প্ৰযুক্তি গ্ৰহণ কৰি তাৰ সৈতে আগবাঢ়ি যোৱাটো ৱাই আৰ এফৰ ডি এন এত আছে।
২৫ জানুৱাৰীত মুক্তি লাভ কৰিব পাঠানে
‘পাঠান’ৰ যোগেদি জনপ্ৰিয় বলীউড অভিনেতা শ্বাহৰুখ খানে প্ৰায় চাৰি বছৰৰ অন্তত ডাঙৰ পৰ্দাত মুখ্য নায়ক হিচাপে পুনৰ আত্মপ্ৰকাশ কৰিব ।উল্লেখযোগ্য যে ‘পাঠান’ ছবিখনৰ পৰিচালনা হৃতিক ৰোশন আৰু টাইগাৰ শ্ৰফ আৰু সিদ্ধাৰ্থ আনন্দৰ। ছবিখনত জন আব্ৰাহাম আৰু দীপিকা পাডুকনেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । অহা ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে। দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধা ‘বেশৰাম ৰং’ গীতটোক লৈ দেশজুৰি হোৱা বিতৰ্কৰ পিছতো আইচিই ফৰ্মেটত ছবিখনে মুক্তি লাভ কৰিব বুলি জানিব পাৰি উৎসাহিত শ্বাহৰুখ খান তথা ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা চলচিত্ৰ প্ৰেমী সকল ৷