শেহতীয়াকৈ মুক্তি লাভ কৰিছে প্ৰভাসৰ পৰৱৰ্তী ছবি ‘ছালাৰ’ৰ টিজাৰ। ইয়াৰ মাজতে ছবিখনক লৈ যথেষ্ট উন্মাদনাৰ সৃষ্টি হৈছে। কিন্তু ছবিখনৰ নায়ক প্ৰভাস ছবিখনক লৈ চর্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । এই ছবিখনৰ বাবে তেওঁৰ পাৰিতোষিকক লৈ চর্চা ইতিমধ্যে আৰম্ভ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি তেওঁ এই ছবিখনৰ বাবে ১০০ কোটি পাৰিশ্ৰমিক লৈছে।
৬ জুলাইত মুকলি কৰিছিল ‘ছালাৰ’ৰ টিজাৰ। ইতিমধ্যে এই টিজাৰটো ১০ কোটি দৰ্শকে উপভোগ কৰিছে ৷ ইয়াৰ পূৰ্বে আদি পুৰুষ ছবিত লাভ কৰিছিল ১০০ কোটিৰো অধিক মাননি। দেশৰ অন্যতম ব্যয়বহুল তাৰকা হিচাপে তেওঁৰ স্থান এইবাৰ ‘ছালাৰ’ ছবিখনত লাভ কৰা কোটি কোটি পাৰিশ্ৰমিকেৰে প্ৰতিষ্ঠা হৈছে। ইয়াৰ বাহিৰেও ছবিখনৰ বক্স অফিচৰ আয়ৰ ১০ শতাংশও প্ৰভাসৰ হাতলৈ যাব বুলি সূত্ৰই দাবী কৰিছে।
প্ৰায় দুমিনিটৰ টিজাৰত পৰিচালকে নিজৰ চিন্তাৰ জগতখন অতি সুন্দৰকৈ উপস্থাপন কৰিছে। আন কেইবাজনো অভিনেতাই ছবিখনত অভিনয় কৰিছে । কিন্তু প্ৰভাসৰ সম্পূর্ণ চেহেৰা ছবিখনৰ টিজাৰত দেখুওৱা হোৱা নাছিল ৷ কিন্তু ছবিখনৰ একচন অৱতাৰত তেওঁক যে দেখা যাব সেয়া স্পষ্ট। দৰ্শকৰ এটা অংশৰ মতে পৰিচালকে ইচ্ছাকৃতভাৱে প্ৰভাসক লুকুৱাই ৰাখিছে।