লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত অনুষ্ঠিত ২০২১ বৰ্ষৰ ব্ৰিটিছ ফেশ্চন এৱাৰ্ড অনুষ্ঠানত ৰিচাৰ্ড কুইনে ডিজাইনিং কৰা এক ফুলাম জাম্পশ্বুট পৰিধান কৰি স্বামী নিক জ’নাচৰ স’তে দেখা গ’ল বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক ৷যোৱা ২৯ নৱেম্বৰ সোমবাৰে ৰয়েল এলবাৰ্ট হলত অনুষ্ঠিত হোৱা ব্ৰিটিছ ফেশ্চন এৱাৰ্ডৰ এই বিশেষ অনুষ্ঠানত বলিউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁত স্বামী পাশ্চাত্যৰ জনপ্ৰিয় গায়ক আৰু অভিনেতা নিক জ’নাচ উপস্থিত থাকে আৰু ৰোমাণ্টিক যুটিটোৱে এক সুন্দৰ তথা অন্তৰংগ সময় অতিবাহিত কৰে ৷ এই কথা টুইটাৰ আৰু ইন্সটাগ্ৰাম যোগে সদৰি কৰে প্ৰিয়ংকাৰ স্বামী নিকে ৷
বৰ্তমান সময়ৰ জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰ আৰু ইনস্টাগ্ৰামত ‘দ্য ষ্টাৰ অৱ দ্য শ্ব’ কেপচনেৰে দুয়োৰে অন্তৰংগ মূহুৰ্তৰ কেইখনমান ফট’ আপলোড কৰি তাৰকা অভিনেত্ৰী গৰাকীৰ জীৱন সংগী নিকে তেওঁলোকৰ অনুৰাগী সকলক ধন্যবাদ জ্ঞাপন কৰে ৷