প্ৰিয়ংকা চোপ্ৰা, এনি হেথৱে আৰু লিছা বিশ্ববিখ্যাত তিনিও গৰাকী চেলিব্ৰিটি পেৰিছৰ এটা অনুষ্ঠানত একত্ৰিত হোৱাৰ লগে লগে পোজ দিছিল এক আকৰ্ষণীয় ক্লিকৰ বাবে ।
প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ইনষ্টাগ্ৰামত এই চেলফিখন আপলোড কৰাৰ লগে লগেই ই তৎক্ষণাৎ সমাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ একেটা ফ্ৰেমতে একেলগে অভিনেত্ৰীগৰাকীয়ে এনি হেথৱে আৰু ব্লেকপিংকৰ লিছাৰ সৈতে উঠা চেল্ফীখন দেখি প্ৰিয়ংকাৰ স্বামী নিকেও সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বব্যাপী থকা তেওঁলোকৰ অনুৰাগী সকলে । তিনিও অলপতে পেৰিছত বুলগাৰীৰ ইডেন দ্য গাৰ্ডেন অফ ৱাণ্ডাৰ্ছ অনুষ্ঠানৰ বাবে একত্ৰিত হৈছিল আৰু অনুষ্ঠানটোত উপস্থিত থকাৰ সময়ত ৰেড কাৰ্পেটত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল তিনিওগৰাকী চেলিব্ৰেটি ।
প্ৰিয়ংকাই তেওঁৰ ইনষ্টাগ্ৰামত এনি আৰু লিছাৰ সৈতে পোজ দিয়া এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰি শিৰোনামটোত লিখিছিল, “আৰু তাত কেৱল আমি আছিলোঁ যিবোৰ ছোৱালীবোৰে কেৱল আনন্দ উপভোগ কৰিবলৈ বিচাৰে!”এই বিশেষ ফটোখনে তিনিওগৰাকীৰে অনুৰাগীসকলৰ পৰা যথেষ্ট মৰম পাইছিল আৰু এজন অনুৰাগীয়ে আনকি তিনিওকে “ইনষ্টাগ্ৰামৰ কুইনছ” বুলিও অভিহিত কৰিছিল।
লগতে প্ৰিয়ংকাৰ আকৰ্ষণীয় নতুন চেলফিৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁৰ স্বামী নিক জোনাছে এটা মন্তব্য দিছিল য’ত জুইৰ ইমোজি আৰু এটা হৃদয়-চকুৰ ইমোজি আছিল।আনহাতে প্ৰিয়ংকা চোপ্ৰাৰ অনুৰাগীসকলে তেওঁলোকৰ উত্তেজনা ধৰি ৰাখিব পৰা নাছিল কিয়নো তেওঁলোকে প্ৰিয়ংকাক ব্লেকপিংকৰ লিছাৰ সৈতে পোজ দিয়া দেখিছিল যাৰ ভাৰততো যথেষ্ট অনুৰাগী আছে।