ক’ভিডৰ পিছত মুক্তি পোৱা ছবিসমূহৰ ভিতৰত ‘পুষ্পা’ আছিল আটাইতকৈ সফল। ২০২১ চনত মুক্তি লাভ কৰিছিল ছবিখন। তেতিয়াৰ পৰাই ‘পুষ্পা ২’ ছবিৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীয়ে । বছৰৰ আৰম্ভণিতে জনা গৈছিল যে ১৫ আগষ্টত মুক্তি পাব ‘পুষ্পা ২’। কিন্তু হঠাতে মুক্তিৰ তাৰিখ ৬ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছে। ইয়াৰ পাছতে ক্ৰোধান্বিত হৈ পৰিছে ‘পুষ্পা’ ছবিৰ অনুৰাগী ৷ তেওঁলোকে নিৰ্মাতাসকলক সকীয়াই দিছে যে ছবিখন মুক্তি দিয়াৰ ক্ষেত্ৰত বহু দেৰি হ’লে এইবাৰ তেওঁলোকে গোচৰ ৰুজু কৰিব।
‘পুষ্পা ২’ৰ মুক্তিৰ তাৰিখ কেইবাবাৰো পিছুৱাই দিয়া হৈছে। কোৱা হৈছিল যে এই ছবিখন ২০২৩ চনৰ স্বাধীনতা দিৱসত মুক্তি পাব। ইয়াৰ পিছত ২০২৪ চনৰ জুনলৈ পিছুৱাই দিয়া হ’ল। এইবাৰ আগষ্ট মাহত ছবিখন মুক্তি পাব বুলিও সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে মুক্তি লাভ কৰিছে ‘পুষ্পা পুষ্পা’ আৰু ‘স্বামী’ গীত। তেতিয়াৰ পৰাই অনুৰাগীসকলে ছবিখন উপভোগ কৰিবলৈ উত্ৰাৱল হৈ পৰিছে । বলীউডৰ লগতে দক্ষিণৰ উদ্যোগতো ইয়াৰ চৰ্চা আৰম্ভ হৈছে। কিন্তু ইয়াৰ মাজতে ‘পুষ্পা ২’ৰ নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি নিৰ্ধাৰিত সময়ত ছবিখন সম্পূৰ্ণ কৰাৰ কোনো সম্ভাৱনা নথকাৰ বাবে নিৰ্মাতাসকলে ছবিখনৰ মুক্তি পিছুৱাই দিয়াৰ কথা চিন্তা কৰিছে। সূত্ৰ অনুসৰি ছবিখনৰ কেইবাটাও অংশৰ শ্বুটিং এতিয়াও বাকী আছে। লগতে শুনা গৈছে যে ভিএফএক্সৰ কাম সম্পূৰ্ণ কৰিবলৈ নির্মাতাসকলক এতিয়াও বহু সময়ৰ প্ৰয়োজন হ’ব। গতিকে তেওঁলোকে ছবিখনৰ মুক্তি পিছুৱাই দিব বিচাৰিছে। অভিনেতা আল্লু অৰ্জুনে পৰিচালক সুকুমাৰৰ সৈতে এই সন্দৰ্ভত বিতং আলোচনা কৰে। অৱশ্যে এইবাৰ অনুৰাগীয়ে ধৈৰ্য্য হেৰুৱালে। তেওঁলোকৰ এটা অংশই কয় “কোৱা হৈছিল যে ছবিখন জুন মাহত মুক্তি পাব। তাৰ পিছত আগষ্ট। এতিয়া কোৱা হৈছে যে ডিচেম্বৰ মাহত মুক্তি পাব। আমাৰ আৱেগৰ লগত খেলা কৰা হৈছে। ছবিখন যিমান পাৰি সোনকালে মুক্তিৰ ব্যৱস্থা কৰক, নহ’লে মই গোচৰ ৰুজু কৰিবলৈ বাধ্য হ’ম।”