বক্স অফিচত আৰম্ভনিৰ দিনটোৰ পৰাই দর্শকৰ অভূতপূবৰ সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে আল্লু অর্জুনৰ ‘পুষ্পা: দ্য ৰাইজ ‘ নামৰ ছবিখনে ৷ এই ছবিখনে মুক্তিৰ দিনটোৰ পৰা প্ৰতিদিনে গড় হিচাপত উপার্জন কৰিছে ৫ কোটি টকা ৷ বর্তমানলৈ ছবিখনে উপার্জন কৰিছে মুঠ ২২৪ কোটি টকা ৷ ইয়াৰ লগে লগে চলিত বছৰত বক্স অফিচত সর্বাধিক উপার্জন কৰা ছবি হিচাপে বিবেচিত হৈছে এই ছবিখন ৷ তদুপৰি আল্লু অর্জুনৰ কেৰিয়াৰৰ এইখনেই হৈছে সর্বাধিক উপার্জনকাৰী ছবি ৷ ইয়াৰ পূর্বে তেওঁৰ এলা বৈকুণ্ঠপুৰমুলুক নামৰ ছবিখনে সর্বাধিক উপার্জন কৰিছিল ৷
দ্বিতীয় সপ্তাহটোত ছবিখনে ৫৪ কোটি টকা উপার্জন কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ অক্ষয় কুমাৰৰ ‘সূর্যবংশী’ আৰু ৰণবীৰ সিঙৰ ‘৮৩’ নামৰ ছবিখনেও বক্স অফিচত যথেষ্ট ভাল প্ৰদর্শন কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, জার্চী আৰু আৰ আৰ আৰ নামৰ ছবিও বক্স অফিচত শীঘ্ৰে মুক্তি লাভ কৰিব ৷ সমান্তৰালভাৱে ক’ভিডৰ সংক্ৰমনেো পুনৰৰ ছবিজগতলৈ শংকা কঢ়িয়াই আনিছে ৷