এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ ছবিখনে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে। ছবিখনত অভিনয় কৰিছে ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰে ৷ এতিয়া এই ছবিখনে পুনৰ আন এক খ্যাতি লাভ কৰিছে ৷ ‘নতু নাতু’ গীতটোৰ বাবে ছবিখনে লাভ কৰিছে গোল্ডেন গ্ল’ব সন্মান ৷ বিদেশৰ মাটিত ভাৰতীয় ছবিৰ এই বিজয়ৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়েও গৌৰৱ অনুভৱ কৰিছে। ছবিখনৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছে নৰেন্দ্ৰ মোদীয়ে ৷ নিজৰ টুইটাৰ একাউণ্টত লিখিছে, ‘অতি সুখৰ দিন, এই ছবিখনৰ সমগ্ৰ দলটোক অভিনন্দন জনাব বিচাৰিছো। এই বঁটাক লৈ ভাৰতে গৌৰৱ অনুভৱ কৰিছে।”
আজি সংগীত পৰিচালক এম এম কীৰাৱানীয়ে মঞ্চত উঠি বঁটা গ্ৰহণ কৰে। তেওঁ কয়, “এই বঁটা মোৰ ভাই এছ এছ ৰাজামৌলীৰ। এই গীতটোত অবিশ্বাস্য শক্তিৰে নৃত্য কৰাৰ বাবে ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰলৈও কৃতজ্ঞতা।”
ভাৰতীয় ছবিখনৰ এই সফলতাৰ পিছত তাৰকাৰ পৰা এটা এটাকৈ শুভেচ্ছালাভ কৰে ৷ এদশক পূৰ্বে প্ৰথমবাৰৰ বাবে এ আৰ ৰহমানে লাভ কৰিছিল গোল্ডেন গ্ল’বছ। সুৰকাৰ ৰহমানে দ্বিতীয়বাৰৰ বাবে এই বঁটা লাভ কৰাৰ বাবে সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰে। তেওঁ লিখিছে, ‘অসাধাৰণ, সমগ্ৰ ভাৰতৰ পৰা শুভেচ্ছা।
শনিবাৰে লছ এঞ্জেলছত ছবিখনৰ বিশেষ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে ৰাজামৌলি আৰু সহ অভিনেতা জুনিয়ৰ এন টি আৰ। এই ছবিখন চাই অস্কাৰ কমিটীৰ সদস্যসকলো প্ৰশংসাৰে ওপচাই পেলাইছে ৷