শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ’ব বলিউডৰ দুই জনপ্ৰিয় তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট ৷ দীর্ঘদিন ধৰি প্ৰেমৰ সম্পর্কৰে বান্ধ খাই থকা দুই তাৰকাই সোনকালে বিবাহ পাশত আৱদ্ধ হ‘ব বিচাৰিছে বুলি নিজেই প্ৰকাশ কৰিছে ৰণবীৰ কাপুৰে ৷ অৱশ্যে সংবাদ মাধ্যমেৰে মত বিনিময় কৰাৰ সময়ত বিয়াৰ বাবে কোনো নির্দ্দিষ্ট দিন নির্ধাৰণৰ কথা তেওঁ স্পষ্ট কৰাৰ পৰা বিৰত থাকে ৷ ইয়াৰ সমান্তৰালভাৱে অহা মাহতে দুই তাৰকাৰ বিবাহ সম্পন্ন হ’ব বুলি ইণ্টাৰনেটত খবৰ বিয়পি পৰিছে ৷ অর্থাৎ এপ্ৰিলতে তেওঁলোক বিবাহ পাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে ৰণবীৰ আৰু আলিয়া ৷
অভিনেতা ৰণবীৰ কাপুৰে বৰ্তমান তেওঁৰ প্ৰয়াত পিতৃ ঋষি কাপুৰৰ অন্তিম খন ছবি ‘শৰ্মাজী নমকিন’ৰ প্ৰচাৰত ব্যস্ত আছে ৷ কাইলৈ ছবিগৃহত মুক্তি পাব এই ছবিখনে ৷ । ইপিনে ‘ব্ৰহ্মাস্ত্ৰ’ নামৰ ছবিখনত একেলগে অভিনয় কৰা আলিয়া আৰু ৰণবীৰে ২০১৮ চনৰ পৰা ডেটিং কৰি আছে ৷