বিকি কৌশল আৰু কেটৰিনা কাঈফৰ পাছত বলিউডৰ আন এক মোহময়ী যুটীৰ বিবাহক লৈ এতিয়া চলিছে সর্বত্ৰ চর্চা ৷ দুই জনপ্ৰিয় তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহক লৈ ওলাইছে বিভিন্ন খবৰ ৷ সেই অনুসৰি ১৩ এপ্ৰিলৰ পৰাই আৰম্ভ হ’ব দুই তাৰকাৰ বিবাহৰ অনুষ্ঠান ৷
পাঞ্জাৱী পৰম্পৰা অনুসৰি তিনিৰ পৰা চাৰি দিনলৈ চলিব বিবাহ অনুষ্ঠান ৷ বিবাহৰ দিন আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই যদিও ১৭ এপ্ৰিলতে বিবাহ কার্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে ৷ দুই গৰাকী তাৰকাৰ পৰিয়ালে বিবাহক লৈ মৌনতা অৱলম্বন কৰিছে ৷ চেম্বুৰৰ আৰ কে বাংলোত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান ৷ ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে ৷
বিবাহ অনুষ্ঠানলৈ কাক কাক নিমন্ত্ৰণ জনাইছে এতিয়াও প্ৰকাশ কৰা হোৱা নাই ৷ ঘনিষ্ঠ বন্ধু আৰু পৰিয়াৰ লোকসকলকহে বিয়ালৈ আমন্ত্ৰন জনোৱা হৈছে ৷ অয়ন মুখাৰ্জী, কৰণ জোহৰ, আদিত্য ৰয় কাপুৰ,বিকি কৌশল ,কেটৰিনা কাইফ, ৰণবীৰ সিং-দীপিকা পাডুকনক নিমন্ত্ৰন জনোৱাৰ সম্ভাৱনা আছে ৷