শেহতীয়াকৈ বলীউডৰ বৰ্তমান সময়ৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰে এটা নতুন সাক্ষাৎকাৰত কৈছে যে তেওঁৰ দেউতাক, প্ৰয়াত অভিনেতা ঋষি কাপুৰে তেওঁক পিৰিয়ড চিনেমা পৰিহাৰ কৰিবলৈ কৈছিল কাৰণ এই পিৰিয়ড চিনেমাৰ পৰা একো কাম নহয়। তেওঁ ৰণবীৰক বাণিজ্যিক চলচ্চিত্ৰত লাগি থাকিবলৈহে পৰামৰ্শ দিছে।
ৰণবীৰক শীঘ্ৰেই তেওঁৰ পৰৱৰ্তী ছবি ‘চামছেৰা’ত দ্বৈত চৰিত্ৰত অভিনয় কৰা দেখা যাব, যিখন এখন পিৰিয়ড ছবি। যশ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত, চামছেৰা হৈছে এক পিৰিয়ড একচন ড্ৰামা য’ত সঞ্জয় দত্ত আৰু বাণী কাপুৰেও অভিনয় কৰিছে।
তেওঁ তেওঁৰ ১৫ বছৰীয়া কেৰিয়াৰত পিৰিয়ড চিনেমাৰ পৰা কিয় আঁতৰি আছিল বুলি সোধাত ৰণবীৰ কাপুৰে প্ৰভাত খাবৰক কৈছিল, “মোৰ দেউতাই মোক কৈছিল ‘কেতিয়াও এনে এখন চিনেমা নকৰিবা যাৰ বাবে তুমি ধুতি পিন্ধিব লাগিব কিয়নো সেইবোৰ কেতিয়াও কামত নাহে। সকলো সময়তে বাণিজ্যিক ছবি কৰা। ইয়াৰ বাহিৰেও, এজন অভিনেতা হিচাপে তুমি প্ৰায়ে টাইপকাষ্ট হোৱা। তুমি পৰীক্ষা-নিৰীক্ষা কৰি থাকিব লাগিব।
আনহাতে ৰণবীৰে কয় ,মই ১৫ বছৰ ধৰি কাম কৰি আছোঁ আৰু মই প্ৰতিটো ভূমিকাৰ সৈতে কিবা নতুন উপস্থাপন কৰাটো অত্যাৱশ্যকীয়। সেয়েহে মই চামছেৰাৰ বাবে সন্মত হৈছিলোঁ, যেতিয়া মোক ছবিখনৰ প্ৰস্তাৱ দিয়া হৈছিল।”
কৰণ মালহোত্ৰাৰ দ্বাৰা পৰিচালিত, চামছেৰা ছবিখন ১৮০০ৰ দশকৰ কাহিনীৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে আৰু ই ব্ৰিটিছৰ লগত স্বাধীনতাৰ বাবে যুঁজি থকা এটা ডকাইত জনজাতিৰ কাহিনী। ছবিখনত ৰণবীৰে পিতৃ-পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে জনজাতিটোৰ নেতৃত্ব দিয়ে ৷ আনহাতে সঞ্জয় দত্তই এজন দুৰ্নীতিগ্ৰস্ত আৰক্ষী ‘শুদ্ধ সিঙ’ৰ চৰিত্ৰত অভিনয় কৰিছে । চলচ্চিত্ৰখন অহা ২২ জুলাইত মুক্তিৰ বাবে সাজু হৈছে।
ছবিখনৰ বিষয়ে কথা পাতি ৰণবীৰে অলপতে সংবাদ মাধ্যমক কৈছিল, “যদি আপুনি ৰামায়ণ আৰু মহাভাৰতৰ পৰা আৰম্ভ কৰি ‘ থৰ’লৈকে আহে – নায়কৰ উদ্দেশ্য সদায় একেই থাকিব। এজন নায়ক হৈছে এনে এজন ব্যক্তি যাক আপুনি চাব পাৰে, আপুনি তেওঁৰ সৈতে আপোনাৰ আশা আকাংক্ষাবোৰ একাত্ম কৰিব পাৰে।”
আনফালে ৰণবীৰ অভিনীত অয়ন মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ’ পাৰ্ট ৱান ছেপ্টেম্বৰৰ মুক্তিৰ বাবে অপেক্ষাত আছে ৷ তেওঁ ছবিখনত আলিয়া ভট্টৰ বিপৰীতে শিৱৰ চৰিত্ৰত অভিনয় কৰিছে য’ত অমিতাভ বচ্চন, মৌনী ৰয় আৰু নাগাৰ্জুনেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।