ৰণবীৰ কাপুৰৰ পৰা আৰম্ভ কৰি ছানী দেওল, সাই পল্লৱী, যশ, ৰকুল প্ৰীত সিং – ‘ৰামায়ণ’ নিৰ্মাণ কৰা হৈছে এজাক তাৰকাৰ সৈতে। নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ বিষয়ে বিভিন্ন তথ্য পোহৰলৈ আহিছে। কেমেৰা, কাষ্টিং বা ভিজুৱেল ইফেক্ট – উদ্যোগৰ লোকসকলে অনুমান কৰিছে যে ‘ৰামায়ণ’ আন বহু ছবিক সকলো দিশতে চেৰ পেলাব। মাৰ্চ মাহৰ শেষৰ পৰা আৰম্ভ হ’ব শ্বুটিং। মুঠ ১২০ দিনৰ শ্বুটিং মুম্বাই আৰু লণ্ডনত কৰা হ’ব । আল্লু অৰবিন্দই এই ছবিখন প্ৰযোজনা কৰিছে। ছবিখনৰ ভূমিকা বাছি ল’বলৈ মাত্ৰ এজন অভিনেতাহে বাকী আছিল। সেইটোৱেই হৈছে লক্ষ্মণ। এইবাৰ চূড়ান্ত হৈছে লক্ষ্মণ!
হিন্দী টেলিভিছনৰ জনপ্ৰিয় অভিনেতা-প্ৰযোজক ৰবি ডুবেক লক্ষ্মণৰ বাবে চূড়ান্ত কৰা হৈছে। জমাই ৰাজা ‘চিৰিয়েল’ৰ জৰিয়তে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল ৰবিয়ে। অৱশ্যে এই ভূমিকাত ৰবিয়ে সন্মতি দিছে নে নাই সেই সন্দৰ্ভত মুখ খুলিবলৈ অনিচ্ছুক নির্মাতসকলে।
এই ছবিখন ভাৰতীয় মহাকাব্য ‘ৰামায়ণ’ৰ আধাৰত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। কিন্তু ছবিখনৰ ঘোষণাৰ পিছৰে পৰা বিভিন্ন কাৰণত কামত কেইবাবাৰো পলম হৈছে। উদ্যোগটোৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, ছবিখনক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই।