২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত নৱেম্বৰ মাহত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ পিতৃ-মাতৃ হৈছিল এটি কন্যা সন্তানৰ। এক মুহূৰ্তৰ বাবেও ৰাহাক এৰি নাযায় ৰণবীৰ –আলিয়াই ৷ ছবিৰ প্ৰচাৰ হওক বা বিদেশ ভ্ৰমণ হওক সদায় দেউতাকৰ কোলাত দেখা যায় ৰাহাক। ৰাহাৰ বয়স বর্তমান মাত্ৰ ডেৰ বছৰ ৷ এই কম বয়সতে কণমানি ৰাহাই বলীউডৰ আটাইতকৈ ধনী তাৰকা সন্তান হিচাপে বিবেচিত হৈছে ৷কিন্তু কেনেকৈ?
এই মুহূৰ্তত মুম্বাইৰ পালি হিলছ অঞ্চলৰ বাস্তু এপাৰ্টমেণ্টৰ নৱম মহলাত থাকে ‘তাৰকা দম্পত্তী । আলিয়াৰ এই বাসগৃহতোত এটা ফ্লেট আছে ৷ যাৰ মূল্য ৩২ কোটি টকা বুলি অনুমান কৰা হৈছে। আনহাতে, তাৰকা দম্পতীয়ে বিগত তিনি বছৰ ধৰি বান্দ্ৰাত নিজাকৈ বাংলো নিৰ্মাণ কৰি আহিছে। ৰাজ কাপুৰৰ ‘কৃষ্ণ ৰাজ’ বাংলো নতুন ধৰণেৰে নিৰ্মাণ কৰা হৈছে। কাম প্ৰায় শেষ হৈছে, অতি সোনকালে ৰণবীৰ-আলিয়া তেওঁলোকৰ সপোনৰ ঘৰত প্ৰৱেশ কৰিব। এই বাংলোটোৰ আনুমানিক মূল্য প্ৰায় ২৫০ কোটি।
বলীউডৰ ঘনিষ্ঠ সূত্ৰৰ মতে, তাৰকা দম্পতীয়ে নিজৰ উপাৰ্জনৰ বহুখিনি ধন এই ঘৰতে বিনিয়োগ কৰিছে। ইতিমধ্যে কন্যা ৰাহাৰ নামত ঘৰটো দিছে অভিনেতাজনে। এই বাংলোটোৰ বজাৰ মূল্য শ্বাহৰুখ খানৰ ‘মন্নত’ আৰু অমিতাভ বচ্চনৰ ‘জলছা’ৰ সমান। সেই দৃষ্টিকোণৰ পৰা চালে ৰাহা কাপুৰ এই মুহূৰ্তত বলীউডৰ আটাইতকৈ ধনী তাৰকা সন্তান। জন্মৰ পিছত ইমান কোটি সম্পত্তিৰ মালিক ৰাহা। কিন্তু এই বাংলোটোৰ বাহিৰেও আলিয়াৰ মুম্বাইত চাৰিটা ফ্লেট আছে। ইয়াৰ বাহিৰেও অভিনেত্ৰীগৰাকীৰ লণ্ডনত এটা ঘৰ আছে।