বলীউডৰ আটাইতকৈ জনপ্ৰিয় তথা শক্তিশালী অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী অন্যতম শক্তিশালী অভিনেত্ৰী ৰাণী মুখাৰ্জী । যি যোৱা আঢ়ৈ দশক জুৰি এই চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ আছে ৷ এই সময়ছোৱাত তেওঁৰ প্ৰতিখন চলচ্চিত্ৰকেই দৰ্শকে আদৰি লৈছে ৷
আমোদজনক কথা যে তেওঁৰ এটা সাক্ষাৎকাৰৰ সময়ত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শৈশৱৰ এটা হাস্যকৰ ঘটনাৰ কথা ব্যক্ত কৰিছিল। চলচ্চিত্ৰ নিৰ্মাতা ৰাম মুখাৰ্জীৰ জীয়ৰী ৰাণী মুখাৰ্জীয়ে সাক্ষাৎকাৰটোত কৈছিল যে তেওঁৰ জন্মৰ পিছত যেতিয়া নাৰ্চে তেওঁক লৈ গৈছিল নাৰ্চগৰাকীয়ে ভুলবশতঃ ৰাণীক আন এটা কেঁচুৱাৰ সৈতে সাল-সলনি কৰিছিল। কিন্তু ৰাণীৰ মাক কৃষ্ণা মুখাৰ্জীয়ে ৰাণীৰ চকুকেইটাৰ বাবে তেওঁক চিনাক্ত কৰিছিল ।
সাক্ষাৎকাৰটোত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কৈছিল যে যেতিয়া তেওঁৰ জন্ম হৈছিল তেতিয়া সম্ভৱতঃ চিকিৎসালয়ত তেওঁক লগাই দিয়া টেগটো নাৰ্চে তেওঁক চাফ-চিকুণ কৰিবলৈ বা আন কিবা কাৰণত আঁতৰাই দিছিল ৷ নাৰ্চে ৰাণীক মাকৰ ওচৰৰ পৰা লৈ যোৱাৰ পিছতেই ৰাণী আন এটি কেঁচুৱাৰ সৈতে সলনি হৈছিল ৷ যেতিয়া কৃষ্ণা মুখাৰ্জীয়ে ৰাণীক ঘূৰাই পাইছিল তেতিয়া তেওঁ ৰাণীৰ এজন খুড়াকৰ সৈতে কথা পাতি আছিল আৰু সেই সময়তে নাৰ্চে লৈ অহা কেঁচুৱাটো দেখি ৰাণীৰ মাতৃয়ে কৈছিল যে সেইটো তেওঁৰ কেঁচুৱা নহয় ৷ কাৰণ তেওঁৰ ছোৱালীৰ চকু মূগা বৰণীয়া । সেয়েহে তেওঁ নাৰ্চ গৰাকীক তেওঁৰ সন্তানক বিচাৰি উলিয়াবলৈ কৈছিল ৷
ৰাণীয়ে কৈছিল যে সেই ঘটনাটোৰ সময়ত উপস্থিত থকা তেওঁৰ খুড়াক আৰু নাৰ্চে তেওঁৰ মাকক এই কথা পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে সেইটো তেওঁৰেই কেঁচুৱা। অথচ ৰাণীৰ মাতৃয়ে বাৰে বাৰে কৈছিল যে সেইটো তেওঁৰ কেঁচুৱা নহয় ৷ আনহাতে তেওঁৰ খুড়াকে ৰাণীৰ মাতৃ কৃষ্ণা মুখাৰ্জীক কৈছিল যে ‘ভালকৈ চাওঁক এইটো আপোনাৰেই কেঁচুৱা কাৰণ জন্মতে সকলো কেঁচুৱা একে দেখি’ ।ইয়াৰ পিছতো ৰাণীৰ মাতৃয়ে কাৰো কথা মানি লোৱা নাছিল আৰু তেওঁ ৰাণীক বিচাৰি চিকিৎসালয়খনৰ প্ৰতিটো কোঠালৈ গৈছিল আৰু ৰাণীক এজন চৰ্দাৰজীৰ কোঠাত পাইছিল যাৰ ইতিমধ্যে প্ৰায় ছয়জনী ছোৱালী আছিল আৰু সেইবাৰ জন্এম হৈছিল তেওঁৰ সপ্তম গৰাকী সন্তান ৷
এই ঘটনাটোক লৈ আজিও কৌতুক কৰে জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ মাতৃ কৃষ্ণা মুখাৰ্জীয়ে ।