শেহতীয়াকৈ ভাৰতীয় বংশোদ্ভূত ঋষি চুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ খবৰে সমগ্ৰ ভাৰততে আনন্দৰ বন্যা বোঁৱাইছে ৷ ভাৰতীয় মূলৰ হোৱাৰ বাবেই হয়তো তেওঁ বৃটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই গৌৰৱ অনুভৱ কৰিছে প্ৰতিজন ভাৰতীয়ই ৷
শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় গায়িকা কণিকা কাপুৰে সামাজিক মাধ্যমত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা ঋষি চুনাকৰ সৈতে ইংলেণ্ডত হোৱা এক সাক্ষাতকাৰৰ ফটো শ্বেয়াৰ কৰিছে। এই আকৰ্ষণীয় ছবিবোৰ কণিকাই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰাৰ পিছতেই অনুৰাগী সকলে বিভিন্ন মন্তব্যৰে ওপচাই পেলাইছে তেওঁৰ ইনষ্টাগ্ৰামৰ একাউণ্ট ।উক্ত ছবিবোৰত, ঋষি চুনাকক এক সুন্দৰ সাজ পৰিধান কৰা দেখা গৈছে। আনহাতে একে সময়তে কণিকাই পিন্ধিছে এখন সেউজীয়া শাৰী ৷ ছবি সমূহ দেখি অপ্লুত হৈছে তেওঁৰ অনুৰাগী সকল । লগতে ঋষি চুনাকক এগৰাকী সফল প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিবৰ বাবে শুভেচ্ছা জনাইছে বহুজনে ।