যতীন বৰাৰ নৱতম ছবি ‘ৰাঘৱ’ক সমালোচনা কৰি আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ল গুৱাহাটীৰ ব্যৱসায়ী ৰিতু কলিতা। প্ৰায় তিনিঘণ্টা ধৰি ক্ৰাইম ব্ৰান্সৰ জেৰাৰ সন্মুখীন ব্যৱসায়ীগৰাকী।কিছুদিন পূর্বে নিজৰ ফেচবুক একাউণ্টৰ পৰা তেওঁ ৰাঘৱ সন্দর্ভত নিজৰ মতামত দাঙি ধৰিছিল ৷ কেবল তেওঁৱেই নহয়, আন বহুজনে ৰাঘৱক সমালোচনা কৰিছিল ৷ এই সন্দর্ভতে ৰাঘৱৰ প্ৰযোজক নৱনীতা বৰাই চাইবাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল ৷ কালিও ধীৰু গগৈ নামৰ এজন লোকক ক্ৰাইম ব্ৰাঞ্চে জেৰা কৰিছিল ৷
আজি জেৰাৰ সন্মুখীন হোৱা ৰিতু কলিতাই সংবাদ মাধ্যমৰ আগত কয় –“ মই ৰাঘৱ নাম ছবিখনৰ ওপৰত মন্তব্য দিছিলো ৷ ৰাঘৱ বা যতীন বৰাক লৈ মোৰ কোনো বেয়া মনোভাৱ নাছিল ৷ মোৰ সমগ্ৰ অসমীয়া ছবি উদ্যোগটোক লৈ অলপ ক্ষোভ আছিল ৷ যতীন বৰা হওঁক বা জুবিন গার্গ হওঁক বা ৰবি শর্মা হওঁক , এওঁলোক বহু ছিনিয়ৰ ৷ এওঁলোকৰ পইচা আছে , ষ্টাৰডম আছে , সুখ্যাতি আছে ৷ সকলো আছে ৷ কিন্ত এওঁলোকে যিবোৰ এতিয়া চিনেমা বনায় ৷সেইবোৰ চিনেমা নবনালে আমি বেছি ভাল পাম ৷ ভাল ভাল চিনেমা বনাওঁক ৷মই কৈছিলো যে লাচিত বৰফুকনৰ ওপৰত চিনেমা বনাব লাগে ৷বা কনকলতা বৰুৱাৰ ওপৰত চিনেমা বনাব লাগে ৷ তেনে ধৰণৰ চিনেমা বনালে ভাল পাম ৷ এইবোৰ ধেমেলীয়া চিনেমাবোৰ দেখি মই খঙ উঠি কিবাকিবি কৈ দিলো ৷ বুৰঞ্জী বাদেই দিলো যাদৱ পায়েঙৰ ওপৰত চিনেমা বনাওক ৷কলেজে কলেজে যোৱাটো একেবাৰে ভাল লগা কথা নহয় ৷ কাৰণ গুৰুত্বপূর্ন সময়খিনিত কলেজৰ প্ৰেক্ষাগৃহ বুক কৰি চিনেমাৰ প্ৰচাৰ চলায় ৷ “
ইপিনে ক্ৰাইম ব্ৰাঞ্চে জেৰাত কি কি সুধিলে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- “মই কিহৰ কাৰণে কৰিলো শুধিলে, নিউজ চেনেলত ইণ্টাৰভিউ দিছিলো নেকি সুধিলে ৷ মই নিজৰ একাউণ্টত ভিডিঅ’ দিছিলো ৷ দুটামান পর্টেলত সম্প্ৰচাৰ কৰাত ভাইৰেল হ’ল ৷ তেওলোকে ভাবিছে যে আমাৰ পোষ্টৰ কাৰণে চিনেমাৰ লোকচান হৈছে ৷ সেইটো কথা নহয়, ভাল চিনেমা হ’লে ৰাইজে চাব ৷ তেওঁ কৈছে পইচাৰ কাৰণে চিনেমা বনোৱা নাই ৷তেনেহ’লে তেও ছবিখন ইউটিউবত এৰি দিব লাগে বা হ’লবিলাকত বিনামূলীয়া কৰি দিয়ক ৷ এইবিলাক তেওঁলোকৰ মুখৰ কথা ৷”ষ্টাৰ হলেই নহব, সামাজিক দায়বদ্ধতাও থাকিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ৷