এছ এছ ৰাজামৌলীৰ আৰ আৰ আৰ নামৰ ছবিখনৰ হিন্দী সংস্কৰণেও লাভ কৰিছে অভুতপূর্ব জনপ্ৰিয়তা ৷ মুক্তিৰ এসপ্তাহৰ ভিতৰতে আৰ আৰ আৰে উত্তৰ ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে । আৰ আৰ আৰে অক্ষয় কুমাৰৰ ‘সূৰ্যবংশী’ আৰু অল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’ৰ উপার্জনৰ অভিলেখ ভংগ কৰিছে ৷ আৰ আৰ আৰে বিশ্বব্যাপী বক্স অফিচত ৭০০ কোটি টকাৰ অধিক টকা উপার্জন কৰিছে।
জুনিয়ৰ এন টি আৰ আৰু ৰাম চৰণ অভিনীত আৰ আৰ আৰ যোৱা ২৫ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছিল ৷ ক’ভিড মহামাৰীৰ পিছত আৰ আৰ আৰ হৈছে উত্তৰ ভাৰতত সৰ্বাধিক উপাৰ্জন কৰা চলচ্চিত্ৰ। এসপ্তাহৰ ভিতৰতে আৰ আৰ আৰে অক্ষয় কুমাৰৰ সূৰ্যবংশী আৰু অল্লু অৰ্জুন পুষ্পাক ইতিমধ্যে বক্স অফিচত অতিক্ৰম কৰে।আৰ আৰ আৰে ছয় দিনত ১২০.৫৯ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ বিপৰীতে অল্লু অৰ্জুনৰ পুষ্পাই উত্তৰ ভাৰতত সাত দিনত ২৬.৮৯ কোটি উপার্জন কৰিছিল।