বক্স অফিচত লাভ কৰা অভূতপূর্ব সফলতাৰ বাবে আৰ আৰ আৰ আৰু কে জি এফ ২ নামৰ ছবি দুখন চলিত বছৰৰ আটাইতকৈ ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে ৷ বিশ্বজুৰি দুয়োখনে ছবিয়ে বৃহৎ পৰিমাণৰ ধন উপার্জন কৰিছে ৷ কিন্তু লাহে লাহে আৰ আৰ আৰ নামৰ ছবিখনে কেজিএফ ২ ৰ উপাজর্ন অতিক্ৰম কৰাৰ দিশত আগবাঢ়িছে ৷
বিশ্বব্যাপী আৰ আৰ আৰ ছবিখনে সংগ্ৰহ কৰিছে ১১৫০ কোটি টকা ৷ ইয়াৰ বিপৰীতে কে জি এফ ২ নামৰ ছবিখনে এতিয়ালৈ ১২০০ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছে ৷ এই দুয়োখন ছবিৰ মাজত বর্তমান উপার্জনৰ পার্থক্য প্ৰায় ৫০ কোটি ৷ শেহতীয়াকৈ জাপানত আৰ আৰ আৰ মুকলি কৰা হৈছে ৷ জাপানতো ছবিখনে লাহে লাহে জনপ্ৰিয়তা লাভ কৰিছে ৷ ছবিখনে আৰম্ভনিতে আশা কৰা ধৰণে উপার্জন কৰিবলৈ সক্ষম হোৱা নাছিল যদিও লাহে লাহে ছবিখন দর্শকে অধিক পচন্দ কৰিবলৈ আৰম্ভ কৰে ৷ এছ এছ ৰাজামৌলিৰ ব্লকবাষ্টাৰ ছবিখনে জাপানত ইতিমধ্যে ১০ কোটি টকা উপার্জন কৰিছে আৰু আগন্তুক সময়ত অধিক উপার্জন কৰাৰ সম্ভাৱনা আছে ৷
যদিহে ছবিখনে এনেদৰে সমাদৰ লাভ কৰি থাকে তেন্তে ই বিশ্বজুৰি কেজিএফ২ ছবিৰ উপার্জনক চেৰ পেলাব ৷ জাপানৰ বাহিৰেও আৰ আৰ আৰ আন আন দেশতো মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে ৷