সমাগত ঈদ। ছলমান খানৰ বহু প্ৰত্যাশিত ছবি ‘কিছি কা ভাই কিচি কি জান’ ছবিয়ে শীঘ্ৰে মুক্তি লাভ কৰিব ৷ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে ছলমান খানে ছবিখনৰ প্ৰচাৰ আৰম্ভ কৰিছে। ইয়াৰ মাজতে পুনৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে ছলমান খানে ৷ ৰাজস্থানৰ যোধপুৰৰ পৰা ছলমানলৈ আহিছে এক ভাবুকিমূলক ফোন। ৩০ এপ্ৰিলত ছলমানক হত্যা কৰা হ’ব বুলি ব্যক্তিজনে ফোনযোগে সকীয়াই দিয়ে। আৰক্ষীৰ কণ্ট্ৰল ৰুমৰ পৰা অভিযোগ লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
১০ এপ্ৰিল সোমবাৰে মুম্বাইৰ জুহুত ‘কিছি কা ভাই কিচি জান’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ পিছতে আহিছিল এই ভাবুকিমূলক ফোন। ৰাজস্থানৰ যোধপুৰৰ এজন ব্যক্তিয়ে ফোন কৰে আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ। ৰকি ভাই বুলি পৰিচয় তেওঁ পৰিচয় দিয়ে । ৩০ এপ্ৰিলত ছলমান খানক তেওঁ হত্যা কৰিব বুলি ফোনযোগে কয়। এই ফোনটো পোৱাৰ পিছৰে পৰা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বান্দ্ৰা থানাত এজাহাৰ দাখিল কৰা হৈছে। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
কিন্তু এয়া প্ৰথম নহয়, বলীউডৰ ভাইজানক ইয়াৰ পূৰ্বে কেইবাবাৰো মৃত্যুৰ ভাবুকি দিয়া হৈছে। মাত্ৰ যোৱা মাহত যোধপুৰৰ পৰা ধক্ৰম ৰামলাল ছিয়াগ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ছিয়াগে ইমেইল ছলমান খানলৈ ইমেইল প্ৰেৰণ কৰি ভাবুকি দিছিল ৷ সেই ইমেইলত লিখা আছিল, ছলমান খানৰ ভাগ্য সিদ্ধু মুছেৱালাৰ দৰেই হ’ব। তদন্তত প্ৰকাশ পাইছে যে ব্যক্তিজনে প্ৰয়াত পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ পিতৃলৈও ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল। কেৱল সেয়াই নহয়, সেই ব্যক্তিজনৰ বিৰুদ্ধে চৰ্দাৰপুৰা থানাত আগ্নেয়াস্ত্ৰ আইনৰ অধীনতো গোচৰ ৰুজু হৈ আছে ৷