অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত দেখা গৈছিল তাৰকাৰ ভিৰ ৷ দৃষ্টি আকৰ্ষণ কৰা সকলৰ ভিতৰত অন্যতম আছিল ছলমান খান। ক’লা চুট পিন্ধি বিয়ালৈ আহে বলীউডৰ ভাইজান। অৱশ্যে এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল তেওঁৰ ঘড়ীটো।
হীৰাৰে ভৰপূৰ এই ঘড়ীটোৰ দাম শুনিলে আপুনিও আচৰিত হৈ পৰিব ! অনন্ত-ৰাধিকাৰ বিয়াৰ বিভিন্ন ভিডিঅ’ত ছলমানক যিমানবাৰ দেখা গৈছে, তাৰ ঘড়ীটোৱে চকু কপালত পাটেক ফিলিপ ব্ৰেণ্ডৰ একুৱানট লুজ ৰেইনব’ হট জুৱেলাৰী (Aquanaut Loose Rainbow Hot Jewellery) নামৰ এই ঘড়ীটোৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ২৩ কোটি। এই ঘড়ীটোত ১৩০ টা হীৰা খচিত কৰা হৈছে। ইয়াৰ উপৰিও ঘড়ীটোৰ সমগ্ৰ ডায়েলটো বিভিন্ন ৰঙৰ ৭৭৯টা মূল্যৱান পাথৰেৰে আগুৰি আছে, যাৰ ফলত ঘড়ীটোত এক ৰঙীন ৰামধেনুৰ দৰে জিলিকনি দেখা যায়। ছলমানে সদায় ঘড়ী আৰু ব্ৰেচলেটৰ প্ৰতি অতি আকৰ্ষিত হৈ আহিছে। সেয়ে অম্বানীৰ বিয়াত ঘড়ীটোৰ বিষয়ে তেওঁ সচেতন হৈ পৰিছিল।
উল্লেখ্য যে অনন্ত-ৰাধিকাৰ বিয়াত দেখা গৈছিল ফেশ্বন সমাহাৰ। বিবাহ অনুষ্ঠানৰ কেইবাটাও ভিডিঅ’ত ছলমানক নাচি থকা দেখা গৈছে। মন কৰিবলগীয়া যে যোৱা ১২ জুলাইত অনন্ত-ৰাধিকাৰ বিয়াত ৰণবীৰ সিং, দীপিকা পাডুকন, ৰণবীৰ কাপুৰ, আলিয়া ভাট, বিকি কৌশল, কেটৰিনা কাইফ, কৰণ জোহৰ, অনন্যা পাণ্ডে, ৰেখা, মাধুৰী দীক্ষিতৰ পৰা বহু তাৰকা উপস্থিত থাকে।