শেহতীয়াকৈ ছলমান খানে ‘ছিকন্দৰ’ ছবিৰ শ্বুটিং আৰম্ভ কৰিছে। ছবিখনত ছলমানৰ বিপৰীতে অভিনয় কৰিব ৰশ্মিকা মাণ্ডানাই। এ আৰ মুৰুগাডোছৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত আন কেইবাজনো অভিনেতাই অভিনয় কৰিছে। তাৰে এজন হৈছে ‘বাহুবলী’ৰ খ্যাত দক্ষিণৰ অভিনেতা সত্যৰাজ।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ছবিখনৰ নতুন অভিনেতাৰ নাম ঘোষণা কৰে নিৰ্মাতাসকলে। সত্যৰাজৰ উপৰিও ছবিখনত অভিনয় কৰিব প্ৰতীক বাব্বৰে। ‘বাহুবলী’ ছবিখনত কট্টপ্পাৰ চৰিত্ৰত অভিনয় কৰি সত্যৰাজে দৃষ্টি আকৰ্ষণ কৰিছিল। নিৰ্মাতাসকলৰ মতে, ছলমানৰ সৈতে সত্যৰাজ আৰু প্ৰতীক দুয়োজনে ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছে। বিশেষকৈ সত্যৰাজৰ উপস্থিতিয়ে এই ছবিখনত আন এক চমক হ’বলৈ গৈ আছে বুলি নিৰ্মাতাসকলে আশাবাদী।
প্ৰতি বছৰে ঈদৰ দিনা ছলমানে নিজৰ ছবি মুক্তি দিবলৈ চেষ্টা কৰে। কিন্তু এইবাৰ অক্ষয় কুমাৰ অভিনীত বড়ে মিয়া ছোটে মিয়া আৰু অজয় দেৱগন অভিনীত ছবি ময়দান মুক্তি পালে। অনুৰাগীক নিৰাশ কৰা নাছিল ভাইজান। তেওঁ ঘোষণা কৰিলে ‘ছিকন্দৰ’। অহা বছৰৰ ঈদত মুক্তি পাব ‘ছিকন্দৰ’।