বলীউডত বছৰটোৰ ভিতৰতে বিভিন্ন উৎসৱৰ আশে-পাশে ডাঙৰ তাৰকাৰ ছবি মুক্তি পায়। প্ৰতিবছৰে ঈদৰ সময়ত মুক্তি পায় চলমান খানৰ ছবি ৷ কিন্তু এইবাৰ ভাইজানৰ ছবি মুক্তি পোৱা নাই ৷ কিন্তু বিশেষ দিনটোত অনুৰাগীক নিৰাশ নকৰিলে ছলমানে। বৃহস্পতিবাৰে তেওঁৰ নতুন ছবিখনৰ নাম ঘোষণা কৰে। তেওঁ ছবিখনত নিজৰ চৰিত্ৰৰ আভাসও দাঙি ধৰে ৷
শেহতীয়াকৈ ছলমানে তেওঁৰ নতুন ছবিৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে তেওঁ গজনী খ্যাত দক্ষিণৰ পৰিচালক এ আৰ মুৰুগাডছৰ সৈতে একত্ৰিত হৈছে । ছবিখনৰ প্ৰযোজক ছাজিদ নাদিয়াৱালা। তেতিয়াৰ পৰাই এই নতুন ছবিখনক লৈ অনুৰাগীৰ মাজত উত্তেজনা বৃদ্ধি পাইছে ৷বৃহস্পতিবাৰে এই ছবিখনৰ নাম প্ৰকাশ কৰে ভাইজানে। ছবিখনৰ নাম ‘চিকন্দৰ’। তেওঁ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব।
চলিত বৰ্ষত মুক্তি লাভ কৰিছে দুখন হিন্দী ছবি। সেই প্ৰেক্ষাপটতে ছলমানে ছবিখনৰ নাম ঘোষণা কৰি ছচিয়েল মিডিয়াত লিখিছে, “এই ঈদত ‘বড়ে মিঞা ছোটে মিঞা’ আৰু ‘মৈদান’ চাওক আৰু অহা বছৰ চিকন্দৰৰ লগত কথা পাতিবলৈ আহক।আপোনালোকক শুভেচ্ছা জনাইছো। “
দৰ্শকে ছাজিদৰ প্ৰযোজনা কৰা কেইবাখনো ছবিত ছলমানক দেখিবলৈ পাইছে। সেই যাত্ৰা আৰম্ভ হৈছিল ‘জুৰুৱা’ৰ পৰা। পিছত এই যুটিয়ে দৰ্শকক ‘মুঝছে ছাদি কৰোগী’ আৰু ‘কিক’ৰ দৰে ছবি প্ৰদান কৰে। আনহাতে, ‘গজনী’ চিনেমাখনে বলীউডত মুৰুগাডোছৰ জনপ্ৰিয়তা কঢ়িয়াই আনিছিল। আমিৰ খানে তামিল ছবিখনৰ হিন্দী সংস্কৰণত অভিনয় কৰিছিল। উল্লেখযোগ্য যে মুৰুগাডোছে প্ৰথমবাৰৰ বাবে ছলমানৰ সৈতে এখন ছবি পৰিচালনা কৰিবলৈ ওলাইছে। শুনা গৈছে যে ছবিখনত ছলমানৰ বিপৰীতে উদ্যোগটোৰ এগৰাকী শীৰ্ষ অভিনেত্ৰীক বিবেচনা কৰা হৈছে। অহা বছৰ ঈদত মুক্তি পাব ছবিখন।