দক্ষিণৰ জনপ্ৰিয় তাৰকা ছামন্থা ৰুথ প্ৰভুক লৈ উদ্বেগ যেন দিনক দিনে বাঢ়িছে অনুৰাগীৰ মাজত। যোৱা বছৰ গম পোৱা গৈছিল যে অভিনেত্ৰীগৰাকী মাইঅ’চাইটিছ ৰোগত আক্ৰান্ত। তেতিয়াৰ পৰাই অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যস্ততাৰ বাবে নিজৰ যত্ন লোৱাৰ সুযোগ পোৱা নাছিল । ছিৰিজ আৰু ছবিৰ কামক লৈ তেওঁ ভীষণ ব্যস্ত হৈ পৰিছে । দুয়োটা কাম সম্পূৰ্ণৰূপে সমাপ্ত কৰি দীঘলীয়া বিৰতি ল’ব অভিনেত্ৰীগৰাকীয়ে। কিন্তু এই ৰোগৰ চিকিৎসাৰ বাবে ছামান্থাই কিমান কোটি খৰচ কৰিছে জানেনে?
মাৰ্ভেল খ্যাতি ৰুছ’ ব্ৰাদাৰ্ছৰ আন্তঃৰাষ্ট্ৰীয় ধাৰাবাহিক ‘চিটাডেল’ৰ ভাৰতীয় সংস্কৰণৰ কাম কৰি আছে অভিনেত্ৰীগৰাকীয়ে। সেই ধাৰাবাহিকখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছে বলীউডৰ তাৰকা বৰুণ ধাৱনে। ছামান্থাই প্ৰথমবাৰৰ বাবে ইমান বৃহৎ আন্তৰ্জাতিক প্ৰকল্পত অভিনয় কৰিছে ৷ তদুপৰি তেলেগু ছবি ‘খুছি’ক লৈয়ো তেওঁ ব্যস্ত । সেই ছবিখনত অভিনেত্ৰীগৰাকীয়ে দক্ষিণৰ তাৰকা বিজয় দেৱেৰাকোণ্ডাৰ সৈতে অভিনয় কৰিছে। ইইয়াৰ মাজতে এবছৰৰ বিৰতি লোৱাৰ কথা ঘোষণা কৰিছে ছামান্থাই । ইয়াৰ মাজতে কেইবাবাৰো মুম্বাইত দেখা গৈছে অভিনেত্ৰীগৰাকীক। বহুতে ভাবিছে যে চিটাডেল ছিৰিজৰ শেষ মুহূৰ্তত কিছু কামৰ বাবে সঘনাই মায়ানগৰীলৈ আহিব লগা হৈছে । ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে ‘খুশী’ ছবিখনৰ প্ৰচাৰ কৰিবলৈ সক্ষম নহ’ব বুলিও কৈছে কাৰণ তেওঁৰ শাৰীৰিক অৱস্থা বৰ ভাল নহয়। চিকিৎসাৰ বাবে অভিনেত্ৰীগৰাকী অতি সোনকালে আমেৰিকালৈ যাব ৷
ছামান্থাই যুঁজি থকা ৰোগৰ বাবে হাইপাৰবেৰিক থেৰাপী গ্ৰহণ কৰি আছে। এই থেৰাপীয়ে তেওঁক এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছে ৷ যাৰ ব্যয় কোটি কোটি টকাতকৈও অধিক। অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য নকৰিলে অভিনেত্ৰীগৰাকীয়ে।