বলিউডৰ বাদশ্বাহ শ্বাহৰুখনৰ নৱতম ছবি পাঠানক লৈ এতিয়াও ওৰ পৰা নাই বিতর্কৰ ৷ শেহতীয়াকৈ চেঞ্চৰ ব’ৰ্ডে পাঠান ছবিৰ দৃশ্যত সংশোধনী আনিবলৈ নির্দেশ দিছে ৷জানিব পৰা মতে মুঠতে প্ৰায় দহটা দৃশ্যৰ সংশোধনী পৰামৰ্শ দিয়া হৈছে ৷ য’ত অগণন সংলাপৰ পৰিৱৰ্তন কৰিবলৈ নির্দেশ দিছে ।
চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে প্ৰকাশ কৰিছে এখন দীঘলীয়া তালিকা। ‘পাঠান’ত কি কি সালসলনি কৰিব লাগে তাতেই স্পষ্ট হৈ পৰিছে। প্ৰথম চৰ্ত অনুসৰি সংলাপ আৰু দৃশ্যত শালীনতাৰ মাত্ৰা বৃদ্ধি কৰিবলৈ নির্দেশ দিয়া হৈছে । “লংডে লুল্লে”ৰ পৰা “টুটে ফুটে”লৈকে “মিচেছ ভাৰতমাতা”ৰ ঠাইত “হামাৰী ভাৰতমাতা” কৰিবলৈ নির্দেশ দিয়া।
চেন্সৰ ব’ৰ্ডে ‘পাঠান’ত কেঁচি ব্যৱহাৰ কৰিবলৈ ক’লেও নায়িকা দীপিকা পাডুকনৰ পোছাকৰ ক্ষেত্ৰত কোনোধৰণৰ সালসলনিৰ নির্দেশ দিয়া হোৱা নাই ৷ অর্থাৎ সকলো ঠিকেঠাকে থাকিলে দীপিকাক বেছৰম ৰঙ’ শীর্ষক গীতত দেখাৰ দৰে ছুটি পোছাকত দেখা যাব দীপিকা পাডুকনক ৷ ১০ জানুৱাৰীত মুক্তি পাব ‘পাঠান’ৰ নতুন ট্ৰেইলাৰ।