যোৱা কেইমাহমানৰ পৰা ইটোৰ পিছত সিটো বিপদৰ মাজেৰে পাৰ হৈ আহিছে শ্বাহৰুখ খানে। কেইমাহমানৰ আগতে আই পি এল খেলৰ সময়ত অত্যধিক গৰমৰ বাবে তেওঁৰ ‘হিট ষ্ট্ৰ’ক’ হৈছিল। অৱশ্যে কিছুদিন বিৰতি লৈ পুনৰ কামলৈ ওভতি আহে ৷ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰায় সকলো বিবাহ অনুষ্ঠানতে তেওঁ পৰিয়ালৰ সৈতে উপস্থিত আছিল। শেহতীয়াকৈ তেওঁক ফাৰহা খানৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াতো দেখা গৈছিল। কিন্তু দিন হওক বা ৰাতি হওক তেওঁৰ চকুত সদায় ছানগ্লাছ আছিল।
প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে শ্বাহৰুখ আমেৰিকালৈ যাব। বিগত কিছুদিন ধৰি চকুৰ সমস্যাত ভুগি আছে অভিনেতাগৰাকী। অনন্ত-ৰাধিকাও বিয়াৰ সময়ত তেওঁ চকুৰ সমস্যাত ভুগিছিল। সেই সময়ত তেওঁৰ চকুৰ চিকিৎসা মুম্বাইত কৰা হৈছিল। কিন্তু ইয়াৰ সমাধান হোৱা নাই বুলি জানিব পৰা গৈছে ৷ অভিনেতাজনৰ বাওঁ চকুত কেইবাটাও সমস্যাৰ সৃষ্টি হৈছে। যাৰ বাবে চিকিৎসাৰ বাবে আমেৰিকালৈ যোৱাৰ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰে ৷
শ্বাহৰুখে দৰ্শকক দিছে ‘পাঠান’ আৰু ‘জোৱান’ৰ দৰে একচন-প্যাক চিনেমা। তেওঁৰ পৰৱর্তী ছবি হ’ব কিং। কন্যা সুহানাই তেওঁৰ সৈতে অভিনয় কৰিব এই ছবিত। পৰিচালক সুজয় ঘোষ। প্ৰযোজক সিদ্ধাৰ্থ আনন্দ। এই ছবিখনত শ্বাহৰুখে মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷ খলনায়কৰ চৰিত্ৰত তেওঁৰ বিপৰীতে দেখা যাব অভিষেক বচ্চনক। লণ্ডনত শ্বুটিংও আৰম্ভ হৈছে ছবিখনৰ ৷