জনপ্ৰিয় অভিনেতা শ্বাহিদ কাপুৰে মায়ানগৰীত ক্ৰয় কৰিলে নতুন সম্পত্তি । অভিনেতাজনে মুম্বাইৰ ৱৰ্লি অঞ্চলত এটা বিলাসী ফ্লেট ক্ৰয় কৰিছিল। তাতে পত্নী মীৰা ৰাজপুত আৰু দুটা সন্তানৰ সৈতে তেওঁ বাস কৰিব ৷ শনিবাৰে শ্বাহিদে নতুন ফ্লেটটোৰ কেইবাখনো ছবিও তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।
শ্বাহিদ-মীৰাৰ ঘৰতো সাগৰৰ সন্মুখত অৱস্থিত। সূত্ৰ অনুসৰি অভিনেতাগৰাকীয়ে ২০১৮ চনত এই ফ্লেটটো ক্ৰয় কৰিছিল। কিন্তু মহামাৰীৰ বাবে ফ্লেটটোৰ নির্মাণত যথেষ্ট পলম হৈছে। কিন্তু অভিনেতাজনে বহু টকা খৰচ কৰি ফ্লেটটো ক্ৰয় কৰে ৷ চর্চা অনুসৰি শ্বাহিদৰ নতুন ফ্লেটৰ দাম প্ৰায় ৫.৮ কোটি টকা! ইয়াৰ পূৰ্বে শ্বাহিদৰ ঠিকনা আছিল জুহুত। এতিয়াৰ পৰা তেওঁ ৱৰ্লিৰ বাসিন্দা। শ্বাহিদৰ ফ্লেটটো ডুপ্লেক্স। আচবাবৰ পৰা আৰম্ভ কৰি ভিতৰৰ অংশলৈকে সকলোতে বিলাসীতাৰ স্পৰ্শ আছে। ফ্লেটটোত চাৰিটা গাড়ী পাৰ্কিঙৰ সুবিধা আছে।
মীৰা নিজেই ইনষ্টাগ্ৰামত পৰিয়ালটোৰ বিভিন্ন সুন্দৰ মুহূৰ্ত শ্বেয়াৰ কৰিলে। বলীউডৰ অন্যতম চৰ্চিত দম্পতী শ্বাহিদ-মীৰা। শীঘ্ৰেই শ্বাহিদক তেওঁৰ কেৰিয়াৰৰ প্ৰথমখন ৱেব ছিৰিজত দেখা যাব। শেহতীয়াকৈ প্ৰকাশ পাইছে ‘ফৰ্জী’ শীৰ্ষক এই ৱেব চিৰিজৰ অভিনেতাগৰাকীৰ লুক।