বিশ্বৰ অন্যতম জনপ্ৰিয় তাৰকাসকলৰ অন্যতম হৈছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান । বলিউডৰ বাদশ্বাহ হিচাপে জনপ্ৰিয় শ্বাহৰুখ খানে আজি ৫৭ বছৰ সম্পূৰ্ণ কৰে ৷ বিগত তিনিটা দশক ধৰি অভিনয়েৰে তেওঁ সুখ্যাতি অর্জন কৰিছে ৷ তেওঁৰ কেইবাখনো ছবি ব্লকবাষ্টাৰ হিচাপে বিবেচিত হৈছে ৷ সময়ৰ লগে লগে জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰা শ্বাহৰুখ খান বলিউডৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক লোৱা অভিনেতাসকৰ অন্যতম ৷ যাৰ বাবে নিজৰ অভিনয় কেৰিয়াৰত অভিনেতা গৰাকীয়ে যথেষ্ট ধন অর্জন কৰিবলৈ সক্ষম হৈছে ৷
ফৰ্বছৰ তালিকা অনুসৰি ‘বলিউডৰ বাদশ্বাহ’ৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৬৯ কোটি ডলাৰ। ভাৰতীয় মূল্যৰ হিচাপত এই পৰিমান হ’ব প্ৰায় ৫৪৭১ কোটি টকাতকয়ো অধিক ৷ অভিনেতা গৰাকী আই পি এলৰ ক্ৰীড়া দল কলকাতা নাইট ৰাইডাৰ্ছ আৰু প্ৰডাকচন কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ মালিক ৷ তেওঁৰ আন আন উপাৰ্জনৰ উৎসসমূহৰ ভিতৰত জনপ্ৰিয় বঁটা অনুষ্ঠান, টিভি শ্ব’, বিজ্ঞাপন আদি ৷
লক্ষণীয় যে শ্বাহৰুখ খানৰ সমসাময়িক অভিনেতা ছলমান খান, অক্ষয় কুমাৰ বা আমিৰ খানৰ সম্পত্তিতকৈ তেওঁৰ সম্পত্তি যথেষ্ট বেছি। ৱেবছাইট চেলিব্ৰিটিছ ৱৰ্থত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি ছলমান খান, অক্ষয় কুমাৰ, আৰু আমিৰ খানৰ সম্পত্তি ক্ৰমে ৩৬৫ মিলিয়ন ডলাৰ, ২৪ কোটি ডলাৰ আৰু ২২৫ মিলিয়ন ডলাৰ।
শ্বাহৰুখ খানে শেহতীয়াকৈ ঘোষণা কৰিছে তেওঁৰ তিনিখন নতুন চিনেমা। ইফালে আজি ওপজা দিনৰ দিনাই মুকলি কৰি দিয়া হৈছে তেওঁৰ নতুন ছবি ‘পাঠান’ৰ ট্ৰেইলৰ ৷