বিগ বছ ১৫ৰ তৃতীয় ৰাণাৰ-আপ অভিনেত্ৰী শ্বমিতা চেট্টীৰ ৪৩ তম জন্মদিনত ওলগ জনালে বলিউডৰ ভালেকেইগৰাকী তাৰকাই ৷ শমিতাৰ প্ৰেমিক ৰাকেশ বাপতে জন্ম দিনৰ শুভকামনা জনাই কোলাত তুলি ল’লে শ্বমিতাক ৷ যাৰ বাবে হাঁহি ৰখাব পৰা নাছিল অভিনেত্ৰী গৰাকীয়ে ৷
আজি মাত্ৰ দুদিনৰ আগতে চালমান খান ঘোষক ৰূপে থকা জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বচ ১৫ৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ পিছত ৰিয়েলিটি শ্ব’টোৰ পৰা ওলাই আহিছিল শ্বামিতা ৷ তেওঁ এগৰাকী শক্তিশালী প্ৰতিযোগী আছিল আৰু তেওঁৰ অভিনয় প্ৰতিভাৰ বাবেই অসংখ্য গুণমুগ্ধৰ হৃদয় জয় কৰিছিল ৷
এইগৰাকী মোহময়ী অভিনেত্ৰীৰ জন্মদিনত শ্বামিতাৰ সৈতে কেইবাখনো ফটো শ্বেয়াৰ কৰি ৰাকেশে লিখিছিল, “শুভ জন্মদিনপ্ৰেম” ৷ শ্বামিতাৰ ভগ্নী শিল্পা চেট্টী আৰু তেওঁৰ ৰাখী ভাতৃ আৰু বিগ বচ ১৫ ৰ সহ-প্ৰতিযোগী ৰাজীৱ আদাতিয়াই ৰাকেশৰ পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷
ৰাজীৱে শমিতাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, “শুভ শুভ জন্মদিন মোৰ ডাৰ্লিং শ্বামছ!! তোমাৰ জন্মদিনৰ এই বিশেষ দিনটোত তুমি বহুত সুখী হৈ থকাৰ কামনা কৰিছোঁ! মই প্ৰাৰ্থনা কৰোঁ তুমি জীৱনত বিচৰা সকলোখিনিয়েই যেন পোৱা ৷ সদায় তিৰবিৰাই থাকা আৰু বহুদূৰ আগুৱাই যোৱা ৷ তোমাক ভাল পাওঁ ,ঈশ্বৰে তোমাক সদায় আশীৰ্বাদ কৰক!
শিল্পা চেট্টীয়েও তেওঁৰ মৰমৰ ভগ্নী ‘টুঙ্কি’ক জন্মদিনত এক সুন্দৰ ক’লাজৰ সৈতে শুভেচ্ছা জনাই লিখিছিল, “মই তোমাক সদায় এনেদৰেই চাবলৈ বিচাৰোঁ … সুখী! তুমি সদায় সুখী হৈ থাকা মোৰ টুঙ্কি… মোৰ বাঘিনীজনী। তোমাক ভাল পাওঁ আৰু তোমাক লৈ মই বহুত গৌৰৱান্বিত! মোৰ জান, এটা ভাল বছৰ অতিবাহিত কৰা আৰু তুমি সদায় প্ৰাচুৰ্যৰে আশীৰ্বাদ প্ৰাপ্ত হোৱা “ ৷
কৰণ জোহৰৰ সঞ্চালিত বিগ বছ অ’টিটিত তেওঁলোকৰ কাৰ্যকালত শমিতা চেট্টীয়ে ৰাকেশ বাপতক লগ পাইছিল।সেই অনুষ্ঠানটোৰ সময়তে দুয়ো প্ৰেমত পৰিছিল আৰু তেতিয়াৰ পৰা ই শক্তিশালী হৈ আছে। ৰাকেশ বিগ বছ ১৫ ৰ ফাইনেলত শমিতা চেট্টীক উৎসাহিত কৰিবলৈ উপস্থিত আছিল। দুয়োজনে একেলগে ৰোমান্টিক গানত নৃত্য পৰিৱেশন কৰাও দেখিবলৈ পোৱা গৈছিল ।