জনপ্ৰিয় চলচ্চিত্ৰ তাৰকা ঋষি কাপুৰৰ সন্তান তথা অন্যতম উজ্জ্বল তাৰকা-অভিনেতা ৰণবীৰ কাপুৰক আজি বহুদিন ধৰি পৰ্দাত দেখা পোৱা নাই তেওঁৰ অনুৰাগী সকলে । আমি ৰণবীৰক শেষবাৰৰ বাবে দেখিছিলো যেতিয়া পৃথিৱীৰ সকলোবোৰ শান্তিপূৰ্ণ আছিল ৷ ক’ভিড ১৯ৰ ভয়াবহতাই স্পৰ্শ কৰা নাছিল পৃথিৱীক। যেতিয়া ৰণবীৰৰ ‘সঞ্জু’ চলচ্চিত্ৰ খনে মুক্তি লাভ কৰাৰ সময়তো বিশ্বত কোনো মহামাৰী নাছিল। কিন্তু ‘ সঞ্জু’ ছবিখনৰ পিছৰ পৰাই তেওঁৰ পৃথিৱীখন অপৰিৱৰ্তনীয়ভাৱে সলনি হৈছে। ইতিমধ্যে তেওঁ তেওঁৰ দেউতাকক হেৰুৱাইছে আৰু এগৰাকী জীৱন সংগীও লাভ কৰিছে।
এইবাৰ বহু বিৰতিৰ অন্তত কৰণ মালহোত্ৰাৰ ‘চামছেৰা’ ৰণবীৰৰ কেৰিয়াৰলৈ আহিছে যি সময়ত চলচ্চিত্ৰ ব্যৱসায় এটা সংকটৰ মাজেৰে গৈ আছে।অৱশ্যে বৰ্তমান সময়ত চলচ্চিত্ৰ খনক কেন্দ্ৰ কৰি বাৰে বাৰে এটা প্ৰশ্নই উত্থাপিত হৈছে যে-
‘চামছেৰা’ই বক্স অফিচত কেনে ফলাফল দেখুৱাব?
প্ৰকৃততে, যদি আমি মহামাৰীৰ পিছত অহা বেছিভাগ বিষয়ৰ ভৱিষ্যতৰ কথা লক্ষ কৰোঁ তেন্তে ফলাফলৰ ভৱিষ্যতবাণী কৰাটো ইমান কঠিন নহয়।
উল্লেখযোগ্য যে এসময়ত মুম্বাইৰ আটাইতকৈ সুন্দৰ প্ৰযোজনা গৃহ হিচাপে বিবেচিত হোৱা যশ ৰাজ ফিল্মছে যোৱা দুবছৰত বহু বিফলতাৰ মাজেৰে পাৰ হৈ গৈছে ৷ যশ ৰাজৰ ‘বাণ্টি ঔৰ বাবলি ২’, ‘জয়েশভাই যোৰদাৰ’ আৰু ‘সম্ৰাট পৃথ্বীৰাজ’ সকলোবোৰ হতাশাজনক আৰু আটাইতকৈ ডাঙৰ বিফলতা ।
‘চামছেৰা’ই পুনৰুজ্জীৱিত কৰিব নেকি এটা প্ৰযোজনা গৃহৰ ভাগ্য ?
চলচ্চিত্ৰ খনৰ কাহিনীৰ আধাৰ হৈছে বেআইনী ব্ৰিটিছ ৰাজৰ সৈতে যুঁজ দিয়া এহাল পিতৃ আৰু পুত্ৰৰ কাহিনী ।এইবাৰ ৰণবীৰৰ অনুৰাগীসকলে তেওঁক দস্যু হিচাপে বালিৰ ধুমুহাৰ মাজত দৌৰি থকা দেখা পাব ৷ পৰম্পৰাগতভাৱে কাপুৰ পৰিয়ালৰ আগশাৰীৰ অভিনেতা সকল ৰাজ কাপুৰ, শশী কাপুৰ, শাম্মী কাপুৰ, ৰণধীৰ বা ঋষি কাপুৰ আদিক দৰ্শকে কেতিয়াও একচন হিৰো হিচাপে দেখা নাছিল।কিন্তু এইবাৰ হ’ব ব্যতিক্ৰম ৷
মন কৰিবলগীয়া যে ৰণবীৰৰ দেউতাক তাৰকা ঋষি কাপুৰে ‘চমছেৰা’ৰ পৰিচালক কৰণ মালহোত্ৰাৰ আগৰ ছবিখনত এজন শীতল ৰক্তৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল, যি হৈছে অমিতাভ বচ্চন গেংষ্টাৰ ড্ৰামা ‘অগ্নিপথ’ৰ পুনৰ নিৰ্মাণ। অৱশ্যে ৰণবীৰৰ তেওঁৰ দেউতাকৰ দৰে বহুমুখী প্ৰতিভা নাথাকিলেও তেওঁ নিঃসন্দেহে এজন প্ৰশংসনীয় অভিনেতা।
কিন্তু এতিয়া প্ৰশ্ন হৈছে তেওঁ এজন দস্যু ৰজাৰ চৰিত্ৰক ফলপ্ৰসূ কৰিব পাৰিবনে ?
চলচ্চিত্ৰ উদ্যোগতো এই সন্দৰ্ভত দ্বিমত আছে। যদিও কিছুমান পৰিচালকৰ লগত ৰণবীৰে অতি শেহতীয়াকৈ কাম কৰিছে, তেওঁলোকে অনুভৱ কৰে যে তেওঁ “যিকোনো” চৰিত্ৰতে অভিনয় কৰিব পাৰিব ৷
আনহাতে বহুতৰ মতে ‘চামছেৰা’ৰ ছবিখন সঞ্জুতকৈ অধিক ভাল চলচ্চিত্ৰ হ’ব ৷