জনপ্ৰিয় গায়ক শংকুৰাজ কোঁৱৰৰ নতুন এলবাম শীঘ্ৰে মুক্তি লাভ কৰিব ৷ এই নতুন এলবামটোৰ নাম দিয়া হৈছে ইন্দ্ৰধনু ৷ নতুন এলবামটোৰ প্ৰচাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে শিল্পী গৰাকীয়ে ৷ গুৱাহাটীৰ উপৰি দেশৰ ভিন্ন প্ৰান্তত ইয়াৰ প্ৰচাৰ চলাব তেওঁ ৷
ইতিমধ্যে মুম্বাইত ২৭ আগষ্টত সংগীতানুষ্ঠান পৰিৱেশন কৰে শংকুৰাজে ৷ মুম্বাইৰ উপৰি তেওঁ দিল্লী-বাংগালুৰু আদিৰ দৰে চহৰতো সংগীতানুষ্ঠান পৰিৱেশন কৰিব ৷ সেয়েহে তেওঁ উক্ত চহৰসমূহত থকা অসমীয়া লোকসকলক সংগীতানুষ্ঠানত অংশগ্ৰহন কৰিবলৈ আহ্বান জনাইছে ৷
কেবল নতুন এলবামৰ প্ৰচাৰ নহয়,দেশজুৰি সংগীতানুষ্ঠানৰ আছে বিশেষ উদ্দেশ্য ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি মানসিক স্বাস্থ্যৰ সুস্থতা হৈছে এই মিউজিকেল ট্যুৰৰ মূল লক্ষ্য ৷ দেশৰ চহৰসমূহৰ পাছত গুৱাহাটীত ইন্দ্ৰধনুৰ প্ৰচাৰৰ অন্তিম অনুষ্ঠান পৰিৱেশন কৰিব তেওঁ ৷