বর্ষীয়ান অভিনেতা শত্ৰুঘ্ন সিনহাক মুম্বাইৰ কোকিলাবেন হাস্পতালত ভর্ত্তি কৰোৱা হৈছে ৷ বিয়াৰ পিছদিনা কোকিলাবেন চিকিৎসালয়ৰ বাহিৰত দেখা গৈছিল সোণাক্ষী আৰু জাহিৰক। পিতৃক সাক্ষাৎ কৰিবলৈ স্বামীৰ সৈতে চিকিৎসালয়লৈ গৈছিল। সাংসদ অভিনেতাগৰাকী বিগত কিছুদিন ধৰি চিকিৎসালয়খনত ভৰ্তি হৈ আছে।
অভিনেতা গৰাকীৰ পুত্ৰ লব সিনহাই প্ৰকাশ কৰা অনুসৰি সোণাক্ষীৰ বিয়াৰ পিছদিনা শত্ৰুঘ্ন সিনহাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জ্বৰত আক্ৰান্ত হোৱাৰ বাবে অভিনেতা গৰাকীক হাস্পতালত ভর্ত্তি কৰোৱা হৈছিল তেওঁ কয়- “দেউতা এতিয়া ভালেই আছে। জ্বৰ ইমানেই বেছি আছিল যে তেওঁক হস্পিতালত ভৰ্তি কৰাৰ সিদ্ধান্ত লোৱা হ’ল।”
সোণাক্ষীৰ বিয়াৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত এক বিতৰ্কৰ সৃষ্টি হৈছে। কোনো বহুতৰ মতে সোণাক্ষীৰ বিবাহক লৈ সিনহা পৰিয়াল অসন্তুষ্ট। অভিনেত্ৰীগৰাকীৰ বিয়াত তেওঁৰ দুই জেষ্ঠ ভাতৃৰ অনুপস্থিতিয়ে যেন এই বিতৰ্কক ইন্ধন যোগাইছে। সোনাক্ষী-জাহিৰৰ বিয়া হৈছিল মাত্ৰ এসপ্তাহৰ আগতে। ইয়াৰ পিছতে পিতৃক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিয়াৰ দিনা পুৱাৰে পৰা সন্ধিয়া অভ্যৰ্থনা পৰ্যন্ত সাংসদগৰাকীক কন্যাৰ কাষত সকলো সময়তে দেখা গৈছিল।