বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী দিশা পাটানি । অভিনয়ৰ দক্ষতা যিয়েই নহওক কিয়, যিকোনো হট অভিনেত্ৰীৰ তালিকাৰ ভিতৰতে তেওঁৰ নামটো একেবাৰে শীৰ্ষত থাকিব। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে ফিটনেছৰ প্ৰতিও যথেষ্ট আগ্ৰহী। সমৰ কলা হওক বা কিকবক্সিং হওক, তেওঁ নিজৰ প্ৰতিদ্বন্দ্বীক অনায়াসে পৰাস্ত কৰিবলৈ সক্ষম। ‘এম এছ ধোনি: দ্য আনটল্ড ষ্ট’ৰী’ ছবিৰে বলীউডত অভিষেক ঘটে দিশাৰ। ইয়াৰ পিছত তেওঁ ‘বাঘী ২’, ‘মলং’ আদি ছবিত কাম কৰিছিল। জেকী চানৰ সৈতে চীনৰ ছবি ‘কুংফু যোগ’তো তেওঁক দেখা গৈছিল। দিশা বলীউডৰ অন্যতম গ্লেমাৰ গাৰ্ল। কিন্তু তেওঁৰ জ্যেষ্ঠ ভগ্নী মায়ানগৰীৰ জিলিকি থকা জগতখনৰ পৰা বহু দূৰৈত থাকে। তেওঁ কোন?
দিশাৰ ভনীয়েকৰ নাম খুছবু পাটানি। ৩১ বছৰীয়া খুছবুৰৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ বাৰেলীত। প্ৰাথমিক আৰু উচ্চ শিক্ষা তাতেই গ্ৰহণ কৰে । খুছবুৱে কলেজীয়া জীৱনত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ ভাৰতীয় সেনাবাহিনীত যোগদান কৰে। বৰ্তমান খুছবু ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। পেছাৰ বাবে সেনাবাহিনীৰ দৰে ক্ষেত্ৰ এখন বাছি লোৱা খুছবুৱে ফিটনেছৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে। এই দিশৰ পৰা তেওঁৰ দিশাৰ সৈতে যথেষ্ট মিল আছে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত দিশা খুচবুৰ পৰা বহু পিছ পৰি আছে। দিশাই দ্বাদশ মানলৈকে পঢ়া-শুনা কৰিছিল। ইয়াৰ পিছত কলেজত নামভৰ্তি কৰিলেও তেওঁৰ শিক্ষা আৰু আগুৱাই যোৱা নাছিল। মডেলিঙৰ অফাৰ অহাৰ পিছত দিশাই মনোৰঞ্জন জগতখনৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে। বাৰেলীৰ পৰা মুম্বাইলৈ গুচি গ’ল।
খুছবুৰ সৈতে কেইবাখনো ছবি ছ’চিয়েল মিডিয়া পেজত পোষ্ট কৰিছে দিশাই। বিশেষকৈ দিশাই নিজৰ ইনষ্টাগ্ৰাম পেজত খুছবুৰৰ ট্ৰেইনিং পিৰিয়ডৰ কেইবাখনো ছবি শ্বেয়াৰ কৰে। অভিনেত্ৰীগৰাকীয়ে খুচবুক লৈ গৌৰৱান্বিত বুলি কৈ আহিছে । খুছবু আৰু দিশৰ একমাত্ৰ ভাইটি হৈছে সূৰ্যাংশ পাটানি।