নিতেশ তিৱাৰীয়ে ‘ৰামায়ণ’ শীর্ষক ছবি নির্মাণৰ বাবে দীর্ঘদিন ধৰি পৰিকল্পনা কৰি আহিছে ৷ বহুদিনৰ পৰাই ইয়াৰ প্ৰস্তুতিও আৰম্ভ হৈছে ৷ এই ছবিখন ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মাণ কৰিবলৈ গৈ আছে। এই খবৰটো বহু আগতেই পোহৰলৈ আহিছিল। কিন্তু ছবিখনৰ ঘোষণাৰ পিছৰে পৰা বিভিন্ন কাৰণত ছবিখনৰ কামত কেইবাবাৰো পলম হৈছে। কেতিয়াবা পৰিচালকে চৰিত্ৰটোৰ বাবে উপযুক্ত অভিনেতা বিচাৰি নাপালে, কেতিয়াবা আন এখন ছবিৰ বাবে কাম পিছুৱাই দিব লগা হ’ল। প্ৰথমতে শুনা গৈছিল যে পৰিচালক নিতেশ তিৱাৰীয়ে তেওঁৰ ছবিৰ বাবে ৰামচন্দ্ৰৰ চৰিত্ৰত ৰণবীৰ কাপুৰ আৰু সীতাৰ বিপৰীতে দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীক বাছি লৈছিল। কিন্তু এইবাৰ মেকাৰে অৱশেষত সীতাৰ চৰিত্ৰত ৰণবীৰ কাপুৰৰ বিপৰীতে আলিয়া ভাটক চূড়ান্ত কৰিছে। অভিনেতাজনক চূড়ান্ত কৰাৰ পিছত এইবাৰ অতি সোনকালে ছবিখনৰ কাম আৰম্ভ হ’বলৈ গৈ আছে। চলিত বৰ্ষৰ শেষৰ পৰা বা অহা বছৰৰ আৰম্ভণিৰ পৰা আৰম্ভ হ’ব নিতেশ তিৱাৰীৰ ৰামায়ণৰ শ্বুটিং।
ইতিমধ্যে মুক্তিৰ প্ৰতীক্ষা আৰম্ভ হৈছে ৰামায়ণৰ কাহিনী আধাৰিত বহু প্ৰত্যাশিত ছেননে অভিনয় কৰা এই ছবিখন ১৬ জুনত মুক্তি পাব। নিতেশ তিৱাৰীয়ে ৰামায়ণৰ কাহিনীৰ আধাৰত এখন ছবি নিৰ্মাণৰ ধাৰণাটো আপাততঃ আঁতৰাই ৰাখিছে।
বুধবাৰে নিতেশ তিৱাৰীক সাক্ষাৎ কৰে আলিয়া ভাটে। আলিয়াক ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ ৰূপত চূড়ান্ত কৰিছে বুলি খবৰ প্ৰকাশ পাইছে । অৱশ্যে এই পৰ্যন্ত ছবিখনৰ পৰিচালক আৰু প্ৰযোজকে কোনো ঘোষণা কৰা নাই। আনহাতে, ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিবলৈ হৃতিক ৰোশনক চুক্তিৱদ্ধ কৰা বুলি চর্চা চলিছিল ৷যদিও এতিয়া খবৰটো হ’ল যে নির্মাতাই সেই চৰিত্ৰটোৰ বাবে ‘কে জি এফ’ খ্যাতিৰ দক্ষিণৰ তাৰকা যশক চূড়ান্ত কৰিছে।
যদি সকলো ঠিকে থাকে তেন্তে চলিত বৰ্ষৰ ডিচেম্বৰ বা অহা বছৰৰ জানুৱাৰী মাহৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। সম্প্ৰতি অভিনেতাসকলে ছবিখনৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত। আনহাতে, পৰিচালক নিতেশ তিৱাৰীয়ে ‘বোৱাল’ ছবি সম্পূর্ণ কৰি ৰামায়ণৰ চিত্ৰনাট্যত মনোনিৱেশ কৰিব৷