শেহতীয়াকৈ স্পাইডাৰ মেনৰ এটি ভিডিঅ’ই ইণ্টাৰনেটত খলকনি তুলিছে য’ত স্পাইডাৰ মেনক আজি কিছুদিন আগতে মুক্তি পোৱা আল্লু অৰ্জুনৰ জনপ্ৰিয় ছবি ‘পুষ্পা’ৰ এটি জনপ্ৰিয় গীত চামী চামীৰ তালে তালে নচা দেখা গৈছে আৰু এই ভিডিআ’ শ্বেয়াৰ কৰিছে আল্লু অৰ্জুনৰ ভাতৃ আল্লু শিৰীষে ৷
২০২১ বৰ্ষৰ ১৭ ডিচেম্বৰত মুক্তি পোৱা দাক্ষিণাত্যৰ বোলছবি জগতৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু অভিনেত্ৰী ৰশ্মিকা মন্দানা অভিনীত ছবি ‘পুষ্পা,দ্য ৰাইজে’ এতিয়াও একেধৰণেই ৰাইজৰ সমাদৰ লাভ কৰি গৈ আছে ৷ আনহাতে ছবিখনৰ এটি গীত চামী চামীও সমানেই জনপ্ৰিয় চলচিত্ৰ প্ৰেমী ৰাইজৰ মাজত ৷ সামাজিক মাধ্যমত সৰু সৰু ভিডিঅ’ নাইবা ৰীলৰ যোগেদিও দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা এই গীতটোৰ জনপ্ৰিয়তা ইমানেই বেছি হৈছে যে গীতটোৰ তালে তালে নাচি এটি ভিডিঅ’ৰ যোগেদি শেহতীয়াকৈ স্পাইডাৰ মেনেও ৰাইজক আমোদ দিবলৈ সক্ষম হৈছে ৷
স্পাইডাৰ মেনে গীতটোৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও আৰু স্পাইডাৰ মেনক অনুসৰণ কৰি তেওঁৰ সন্মূখত আন বহুজনেই নৃত্য প্ৰদৰ্শন কৰি আমোদ দিছে যি পৰিধান কৰি আছে চাণ্টাৰ পোছাক ৷
আল্লু অৰ্জুনৰ ভাতৃ আল্লু শিৰীষে এি ভিডিঅ’ সন্দৰ্ভত কয় যে ‘স্পাইডাৰ মেনে পুষ্পাৰ চামী চামী গীতৰ যোগেদি নিজৰ বিজোৎসৱ উদযাপন কৰিছে ৷