অমিতাভ বচ্চন ভাৰতীয় চিনেমাৰ মেগাষ্টাৰ বুলি কোৱা হয় ৷ আনহাতে দক্ষিণৰ ছবিজগতত অনুৰাগীয়ে ভগৱানৰ দৰে পূজা কৰে ৰজনীকান্তক। দুয়ো গৰাকী তাৰকাক এখন ছবিত অভিনয় কৰা দেখা গৈছে। প্ৰায় ৩৩ বছৰ পূর্বে তেওঁলোকে একেলগে অভিনয় কৰিছিল ৷ এইবাৰ পুনৰ দুই মহাতাৰকাক ডাঙৰ পৰ্দাত একেলগে দেখা যাব ‘বেত্তায়ন’ ছবিত। এই ছবিখন ৰজনীকান্তৰ ৭৩ সংখ্যক জন্মদিনত মুক্তি পাব। আৰু ‘বেত্তায়ন’ৰ জৰিয়তে তামিল ছবিত অভিষেক ঘটাব অমিতাভে।
তেওঁলোকে শেষবাৰৰ বাবে ৩৩ বছৰ পূৰ্বে ‘হাম’ ছবিত একেলগে অভিনয় কৰিছিল ৷ ইয়াৰ উপৰিও তেওঁলোকে ‘অন্ধা কানুন’ আৰু ‘আৰেষ্টেড’ ছবিত কাম কৰিছিল। বৰ্তমান দুয়োগৰাকী তাৰকা অত্যন্ত ব্যস্ত ৷ অমিতাভ আৰু ৰজনীকান্তৰ বয়স বাঢ়িলেও ভাগৰুৱা হোৱা নাই। বেত্তায়ান ছবিখন ৰজনীকান্তৰ ১৭০ সংখ্যক ছবি, সেয়েহে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ছবিখনৰ নামকৰণ কৰা হৈছে। শেহতীয়াকৈ ছবিখনৰ এখন পোষ্টাৰ মুকলি কৰা হৈছে, য’ত ৰজনীকান্তক হাতত বন্দুক লৈ থিয় হৈ থকা দেখা গৈছে । এই ছবিখনত অমিতাভৰ চৰিত্ৰটোও অতি গুৰুত্বপূৰ্ণ ৷
অভিনেতাগৰাকীয়ে ছচিয়েল মিডিয়াত ৰাজনীকান্তৰ সৈতে আড্ডা মাৰি থকা অমিতাভৰ এনে এখন ছবি পোষ্ট কৰে। তেওঁ লিখিছে, “থালাইভা মহান ৰজনীকান্তৰ সৈতে পুনৰ কাম কৰিবলৈ মই সন্মান অনুভৱ কৰিছো ৷ তেওঁ এক বিন্দুও সলনি হোৱা নাই। একে মাটিৰ মানুহ হৈয়ে আছে ৷” চলিত বৰ্ষৰ অক্টোবৰ মাহত মুক্তি পাব এই ছবিখন।