১৯৯৭ চনৰ ১৩ জুন। জে পি দত্তৰ পৰিচালনাত ব’র্ডাৰ ছবিখন ছবিগৃহত মুক্তি লাভ কৰে। ভাৰতীয় বক্স অফিচত এই ছবিখনে এক নজিৰ গঢ়ি তুলিছিল। সেই সময়ত ছবিখনে প্ৰায় ৫৫ কোটি টকাৰ ব্যৱসায় কৰিছিল। বলীউডৰ দেশপ্ৰেমমূলক ছবিৰ তালিকাত স্থান লাভ কৰা বহু চৰ্চিত এই ছবিখনৰ ছিকুৱেলৰ কথা ঘোষণা কৰিছে ছানী দেউলে।
বৃহস্পতিবাৰে ছবিখনৰ মুক্তিৰ ২৭ বর্ষপূর্তি উপলক্ষে ছ’চিয়েল মিডিয়াত ‘বৰ্ডাৰ ২’ৰ কথা ঘোষণা কৰে ছানীয়ে। ইনষ্টাগ্ৰামত পোষ্ট কৰা ভিডিঅ’টোত অভিনেতাগৰাকীয়ে কয়, “২৭ বছৰ পূৰ্বে এজন জোৱানে ঘূৰি আহিম বুলি প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ আৰু ভাৰতৰ মাটিক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ আৰু এবাৰ উভতি আহিছে।”
‘কেশৰী’ৰ খ্যাত পৰিচালক সন্দীপ সিঙে পৰিচালনা কৰিব ছবিখন। ভূষণ কুমাৰৰ কোম্পানীৰ সহযোগত ছবিখন প্ৰযোজনা কৰিব জে পি দত্ত আৰু তেওঁৰ কন্যা নিধিয়ে।
‘বৰ্ডাৰ’ত অভিনয় কৰিছিল এজাক অভিনেতাই। জেকী শ্ৰফ, সুনীল শ্বেট্টী, অক্ষয় খান্না, টাবু আদিয়ে অভিনয় কৰিছিল । নিৰ্মাতাসকলৰ মতে, যুদ্ধৰ প্ৰেক্ষাপটত এতিয়ালৈকে দেশৰ সৰ্ববৃহৎ ছবি হ’বলৈ গৈ আছে ‘বৰ্ডাৰ ২’। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই ব’র্ডাৰ নির্মান হৈছিল। সূত্ৰৰ দাবী, এইবাৰ ছবিখনৰ প্ৰসংগ হৈছে ৰাজস্থানৰ সীমান্তৱৰ্তী চহৰ লংগেৱালাত ভাৰত-পাকিস্তানৰ যুদ্ধ।
ছবিখনত থাকিব ছানী। অৱশ্যে এই ছবিখনত আৰু কোনে কোনে অভিনয় কৰিব সেই লৈ নিৰ্মাতাসকলে কোনো তথ্য প্ৰকাশ কৰা নাই ৷সূত্ৰ অনুসৰি ছবিখনৰ কাষ্টিং সন্দৰ্ভত ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। অহা অক্টোবৰৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব পাৰে।