হিন্দী চিনেমাৰ অন্যতম জনপ্ৰিয় অভিনেতা ছানী দেওলৰ আজি ওপজা দিন ৷ বিগত চাৰি দশক ধৰি বলিউডত দপদপাই থকা অভিনেতাজনে আজি ভৰি থলে ৬৫ বছৰত ৷ কেইবাখনো জনপ্ৰিয় আৰু হিট ছবিৰে হিন্দী ছবিজগতত নিজকে সবল অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰা ছানী দেউল কেইবা কোটি টকসাৰ সম্পত্তিৰ অধিকাৰী ৷
জনপ্ৰিয় চলচ্চিত্ৰ পৰিয়ালৰ সদস্য ছানী দেউল ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰ আৰু পৰকাশ কৌৰৰ পুত্ৰ। ১৯৫৬ চনৰ ১৯ অক্টোবৰত পঞ্জাৱৰ সাহনেৱাল গাঁৱত এটা পাঞ্জাবী জাট পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ তিনিগৰাকী ভাই-ভনী আছে। সৰু ভাতৃ ববি দেওল আৰু ভগ্নী বিজয়তা আৰু অজিতা।
চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক হোৱাৰ উপৰি ৰাজনীতিতো তেওঁ খোজ পেলাইছে ৷ বৰ্তমান তেওঁ পঞ্জাৱ ৰাজ্যৰ গুৰদাসপুৰৰ পৰা সংসদৰ সদস্য। ছানী দেওলৰ মুঠ সম্পত্তি ১২-১৬ মিলিয়ন মাৰ্কিন ডলাৰৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে ৷ এয়া ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১২০ কোটি টকাৰ ৷ বিজ্ঞাপন আৰু চিনেমা তেওঁৰ উপাৰ্জনৰ মূল উৎস ৷ বিতৰ্কৰ পৰা সদায় আঁতৰি থকা অভিনেতা সকলৰ ভিতৰত অন্যতম হৈছে ছানী দেওল ৷ তেওঁৰ “উইনাৰ ফিল্মছ” আৰু “বিজয়তা ফিল্মছ” নামৰ এটা প্ৰডাকচন হাউচ আছে। বেটাব, ঘায়েল, দিল্লাগী আৰু সোচা না থা আদি ছবি নিৰ্মাণ কৰিছে ৷
মুম্বাইৰ ভিলে পাৰ্লেৰ ধৰ্মেন্দ্ৰ হাউচৰ এটা অতিৰিক্ত আৰু বিলাসী বাংলোত ছানি দেউলে থাকে। খবৰ অনুসৰি এই ঘৰটোৰ মূল্য ৬ কোটি টকা। কেৱল এয়াই নহয়,তেওঁ ২১ কোটি টকা মূল্যৰ ভূমিৰ মালিক। ইয়াৰ বাহিৰেও গৃহ চহৰ পঞ্জাৱ আৰু ইংলেণ্ডতো তেওঁৰ সম্পত্তি আছে ৷
তদুপৰি কেইবাখনো বিলাসী গাড়ীৰ মালিক ছানী। খবৰ অনুসৰি বলীউডৰ অভিনেতাগৰাকীৰ গেৰেজত আছে ৰেঞ্জ ৰভাৰ আৰু অ’ডি এ৮ আদিৰ দৰে বাহন ৷ তেওঁ প্ৰতিখন চিনেমাৰ বাবদ পাৰিতোষিক হিচাপে লয় ৫-৬ কোটি টকা ৷